নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশতে জ্বলিছে জুইৰ দাৱানল। মংগলবাৰে বিয়লি দিল্লীৰ সীলমপুৰত হোৱা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজৰ সংঘৰ্ষৰ ফলত আহত হৈছিল কেইবাজনো লোক। প্ৰতিবাদকাৰীৰ মাজৰ কোনো লোকে আৰক্ষীক শিল নিক্ষেপ কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। তাৰ পিছতে আৰক্ষীয়েও প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত আৰু অধিক বেয়াৰ ফালে গতি কৰিছিল পৰিস্থিতি।
প্ৰতিবাদকাৰীয়ে আনকি আৰক্ষীচকীটো জুই লগাই দিছিল আৰু সেই সমগ্ৰ অঞ্চলটোতে বন্ধ কৰি দিয়া হৈছিল মেট্ৰ’ ৰেল সেৱাা। আৰক্ষী আৰু সেনা বাহিনী নিয়োগৰ পিছতো অঞ্চলটোত পুনৰ তেনে পৰিস্থিতি হোৱাৰ আশংকাত বুধবাৰে দিল্লী চৰকাৰে সেই সমগ্ৰ উত্তৰ-পূৱ জিলাতে জাৰি কৰে ১৪৪ ধাৰা। লগতে আগদিনা হৈ যোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬ জনকৈ লোক। বৰ্তমানে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আটকাধীন লোক কেইজনক।
উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ত আজি জামিয়া হিংসাৰ ওপৰত দিয়া হ’ব শুনানি।
Photo Credit: Livemint