দুৰ্গা পূজালৈ মাজত আৰু মাথো কেইটামান দিন। পূজাৰ প্ৰাকমুহূৰ্তত আলফা কেডাৰ মহানগৰীত প্ৰৱেশ কৰাক লৈ মহানগৰ আৰক্ষীৰ ভীতৰচৰাত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। বুধবাৰে জালুকবাৰী আৰক্ষীয়ে আটক কৰিছিল দুৰ্ধৰ্ষ আলফা কেডাৰ দিগন্ত চেতিয়া ওৰফে মিঠু চুতীয়াক। আৰক্ষীয়ে নিশা কামাখ্যা ষ্টেচনৰ পৰা আটক কৰিছিল কেডাৰজনক।

গুৱাহাটীত দুৰ্গা পূজাৰ পূৰ্বে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব আহিছিল দিগন্ত অসমে। ম্যানমাৰৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ মিঠু চুতীয়া। মোবাইল unit1 কেম্পত প্ৰশিক্ষণ লৈছিল কেডাৰজনে। ২০১৮ৰ জানুৱাৰীত আলফাত যোগ দিছিল দিগন্ত চেতিয়া ওৰফে মিঠু চুতীয়াই। জুনলৈ প্ৰশিক্ষণ লৈছিল দিগন্ত অসমে।
দিগন্ত অসমৰ উপৰিও আৰু বহু কেডাৰ গুৱাহাটীত থকাৰ সম্ভাৱনা। ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰু কোন কোন জড়িত আছে কি আছে সকলো তদন্ত কৰি আছে আৰক্ষীয়ে। এই কথা জনালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।