ছাহিনবাগৰ বিক্ষিপ্ত ঘটনাত জড়িত AAPৰ সদস্য! AAPৰ সদস্যই অশান্তি বিয়পাইছে ছাহিনবাগত। দিল্লী আৰক্ষীৰ প্ৰাথমিক তদন্তত ফাদিল হৈছে এই ৰহস্য। ছাহিনবাগৰ মুকলিকৈ কৰা গুলীচালনাৰ মূল অভিযুক্ত ২৫ বছৰীয়া কপিল গুজ্জৰ আম আদমি পাৰ্টীৰ সক্ৰিয় সদস্য। ৪ ফেব্ৰুৱাৰীত দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চে সদৰি কৰে এই তথ্য।

ছাহিনবাগত গুলীচালনা কৰি গ্ৰেপ্তাৰ হৈছিল কপিল গুজ্জৰ। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্তৰ প্ৰক্ৰিয়া। তদন্ত কৰি আৰক্ষীয়ে লাভ কৰিছিল কেতবোৰ বিস্ফোৰক তথ্য। কপিলৰ মোবাইলৰ পৰা আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি ২০১৯ চনত আম আদমি পাৰ্টীত ভৰ্তি হৈছিল কপিল।
উল্লেখ্য যে কপিলে ঘটনাৰ দিনা ছাহিনবাগত দুই-তিনিজাই গুলি শূণ্যলৈ মাৰিছিল। লগতে জয় শ্ৰী ৰাম ধ্বনি দিছিল। এই ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কপিলক।
Photo Credit: Twitter