বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক ২০১৯ বৰ্ষত দেখা নগ’ল এখনো বলীউডৰ চিনেমাত। ৰূপালী পৰ্দাৰ পৰা আঁতৰি আছে কিং খান। শেহতীয়াকৈ ফৰ্বচে প্ৰস্তুত কৰা ১০ গৰাকী ধনী ভাৰতীয় চেলিব্ৰেটী তালিকাৰ ৬ নম্বৰ স্থানত আছে ‘কিং অৱ বলিউড’ শ্বাহৰুখ খান। ২০১৯ বৰ্ষত শ্বাহৰুখে উপাৰ্জন কৰিলে ১২৪ কোটি টকা। ২০১৮ চনত অভিনেতাগৰাকীৰ বাৰ্ষিক উপাৰ্জন আছিল ৫৬ কোটি টকা।
এতিয়া মানুহৰ প্ৰশ্ন শ্বাহৰুখ খানে দেখোন এইবাৰ এখন চিনেমাতো অভিনয় কৰা নাই তথাপিও তেওঁ কেনেদৰে ১২৪ কোটি টকা উপাৰ্জন কৰি ৬ নম্বৰ স্থান দখল কৰিলে! দৰাচলতে শ্বাহৰুখ খানে বিজ্ঞাপনৰ জৰিয়তে আৰু পত্নী গৌৰী খানৰ সৈতে ২০০৩ চনত প্ৰতিষ্ঠা কৰা Indian film production and distribution company’Red Chillies Entertainment’-ৰ জৰিয়তে উপাৰ্জন কৰিলে এই বিশাল ধনৰাশি।
বৰ্তমান শ্বাহৰুখ খান ১৪ টাতকৈও অধিক কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ আছে। ইয়াৰ ভিতৰত আইচিআইচিআই, লাক্স, বিগ বাস্কেট,টেগ হুৱেৰ, বায়জুচ, হুণ্ডাইৰ দৰে ব্ৰেণ্ড অন্তৰ্ভুক্ত। উল্লেখ্য যে ফৰ্বচৰ ১০ গৰাকী ধনী ভাৰতীয় চেলিব্ৰেটীৰ তালিকাত স্থান দখল কৰা তাৰকা কেইগৰাকী ক্ৰমে-বিৰাট কোহলী, অক্ষয় কুমাৰ, চলমান খান, অমিতাভ বচ্চন, মহেন্দ্ৰ সিং ধোনী, শ্বাহৰুখ খান, ৰণবীৰ সিং, আলিয়া ভাট, শচীন তেণ্ডুলকাৰ,দীপিকা পাডুকণ।
Photo Credit : The Independent