নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত যোগদান কৰি চৰকাৰৰ চকুৰ কূটা দাঁতৰ শূলত পৰিণত হোৱা বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক বৰপেটা কাৰাগাৰলৈ নিক্ষেপ৷ দেওবাৰে গুৱাহাটী আদালতত শৃংখল চলিহাক হাজিৰৰ পিচতেই আদালতে ৯ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল৷ আদালতে একেটা নিৰ্দেশতে শৃংখল চলিহাক বৰপেটা জিলা কাৰাগাৰত ৰখাৰ বাবেও নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পৰা দেওবাৰে নিশা শৃংখলক লৈ অহা হয় বৰপেটা জিলা কাৰাগাৰলৈ৷
সম্প্ৰতি বৰপেটা জিলা কাৰাগাৰত থকা শৃংখল চলিহাক আজি পৰিয়ালৰ লোকে সাক্ষাৎ কৰে৷ মাতৃ, ভগ্নীৰ লগতে পৰিয়ালৰ লোকে জিলা কাৰাগাৰত সাক্ষাৎ কৰে শৃংখল চলিহাক৷ বীৰ লাচিত সেনাৰ মুখ্য সম্পাদকৰ লগতে সংগঠনটোৰ বিষয়ববীয়ায়ো সাক্ষাৎ কৰে শৃংখল চলিহাক৷
ইপিনে শৃংখল চলিহাক সাক্ষাতৰ পিচতে শৃংখলৰ মাতৃয়ে চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে ৷ পৰিয়ালটোক হাৰাশাস্তি কৰাৰ বাবেই শৃংখলক সুদূৰ শিৱসাগৰৰ পৰা আনি বৰপেটা জিলা কাৰাগাৰত আৱদ্ধ কৰি ৰখা বুলি চৰকাৰক সমালোচনা মাতৃৰ৷ ইয়াৰ জৰিয়তে চৰকাৰখনে আন্দোলনকাৰী নেতা কৰ্মীসকলক সকিয়নি দিব বিচাৰিছে বুলিও উল্লেখ কৰে শৃংখলৰ মাতৃয়ে৷
চৰকাৰে এনে দমনমূলক নীতিৰে সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন মষিমুৰ কৰিব নোৱাৰিব বুলিও শৃংখলৰ মাতৃৰ সকিয়নি চৰকাৰক ৷ শৃংখলৰ মাতৃয়ে জনালে কাৰাগাৰত ভাগি পৰা নাই শৃংখল ৷ কা বিৰোধী আন্দোলন চলাই নিয়াৰ আহ্বান শৃংখলৰ ৷
Photo : Time8