30 C
Guwahati
Wednesday, June 23, 2021
More

    মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ এতিয়া কাম কমিলহে; জনতা ভৱনত অনুষ্ঠিত বৈঠকত মন্তব্য সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

    কোনোবা ব্লেক লিষ্টেড NGOই যদি কাম লৈছে এই সম্পৰ্কে উচিত প্ৰমাণ পালে সেই NGOৰ সৈতে চুক্তি তাৎক্ষণিকভাৱে বাতিল কৰা হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে

    জনতা ভৱনত মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ সৈতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গুৰুত্বপূৰ্ণ বৈঠক। NGO-এ মধ্যাহ্ন ভোজনৰ দায়িত্ব পালেও পূৰ্বৰ পৰা কাম কৰি থকা মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে আগৰ দৰেই মাননি পাই থাকিব, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ এতিয়া কাম কমিলহে বুলি বৈঠকত মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ।

    ‘নিম্ন মানৰ খাদ্য যোগান দিয়া NGOৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিম, ৩ বছৰৰ বাবেহে NGOক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়া হৈছে, NGO সমূহে মধ্যাহ্ন ভোজনত কাম কৰি থকা কোনো কৰ্মচাৰীক কামৰ পৰা আঁতৰাই দিব নোৱাৰিব।’- এই মন্তব্য শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।

    জিলা উপায়ুক্তসকলে মধ্যাহ্ন ভোজন বিতৰণ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে, কণ কণ শিক্ষাৰ্থীৰ খাদ্যক লৈ ধেমালি কৰাসকলক ৰেহাই দিয়া নহ’ব, মধ্যাহ্ন ভোজনৰ মাননি বৃদ্ধিৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক জনাইছো, ভুল তথ্য দি কোনোবা ব্লেক লিষ্টেড NGOই যদি কাম লৈছে এই সম্পৰ্কে উচিত প্ৰমাণ পালে সেই NGOৰ সৈতে চুক্তি তাৎক্ষণিকভাৱে বাতিল কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING