নাগৰিকত্ব সংশোধনী আইনক লৈ নাগালেণ্ডৰ ডিমাপুৰতো চলিছে তীব্ৰ প্রতিবাদ। নাগালেণ্ডত থকা অসমীয়াই নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰি ওলাই আহিছে ৰাজপথলৈ। হাতে হাতে মমবাতি লৈ শান্তিসমদল উলিয়াই এইদৰে নামে প্ৰতিবাদত।
এই সমদলত ভাগ লয় নাগালেণ্ডত থকা প্ৰায় সমুহ অসমীয়া জনতাই। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰি নিজৰ নিজৰ স্থিতি স্পষ্ট কৰে জনসাধাৰণে। কোনো কাৰণতে মানি লোৱা নহ’ব এই জাতিধ্বংসী আইন। শান্তি ভাৱে ভাগলোৱা এই সমদলত কেৱল প্লেকাৰ্ড লৈ এটাও শব্দ নকৰাকৈয়ে জনতা আগবাঢ়ে ৰাজপথে ৰাজপথে।