এতিয়া দেশৰ পৰ্যটন স্থলী সমূহলৈ আগমন ঘটিছে দেশী-বিদেশী বহু পৰ্যটকৰ। কিন্তু তাৰ মাজতেই পৰ্যটনকাৰী সকললৈ আহিছে এক বেয়া খবৰ। কিয়নো, বৰফৰ বাবে এতিয়া বন্ধ হৈ পৰিছে ছিমলা-মানালিলৈ যোৱা ২৫০ কি.মি পৰ্যন্ত পথ। যাৰ ফলত হিমাচল আৰক্ষীয়ে ছিমলা আৰু মানালিলৈ নাযাবলৈ পৰামৰ্শ প্ৰদান কৰিছে পৰ্যটক সকলক।
বৰফৰ বাবেই এতিয়া বাধা জন্মিছে হিমাচল প্ৰদেশৰ সাধাৰণ জীৱন যাত্ৰাত। যাৰ বাবে চহৰ দুখনৰ লোক সকল এতিয়া সন্ধিয়া ৫ বজাৰ আগতেই সোমাব লগা হৈছে ঘৰৰ ভিতৰত।