লখিমপুৰত কভিড হাস্পতালত কৰ’ণা আক্ৰান্তৰ মইমতালীৰ ভয়াবহ পৰিণতি। কেইবাজনো স্বাস্থ্যকৰ্মীৰ দেহলৈ বিয়পিল কৰ’ণা ভাইৰাছ।
উন্নত সা-সুবিধা নপোৱাৰ অভিযোগ আনি উদ্ভাণ্ডালি কৰিছিল ৰোগীসকলে।
নিজৰ নিজৰ কোঠাত থাকিব এৰি কেৱল মাস্ক পিন্ধিয়েই হাস্পতালৰ বাহিৰলৈ ওলাই আহিছিল বহু ৰোগী।
সেই ৰোগী সকলকেই নিয়ন্ত্ৰণ কৰিবলৈ যোৱা স্বাস্থ্যকৰ্মী বৰ্তমানে কভিডত আক্ৰান্ত।
এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ তেলাহী কভিড হাস্পতালত। হাস্পতালখনৰ চিকিৎসক আৰু তিনি কৰ্মচাৰীৰ দেহত কৰ’ণা সংক্ৰমণ।
কভিড-১৯ পজিটিভ ধৰা পৰিছে কভিড হাস্পতালৰ দায়িত্বত থকা চিকিৎসক ডাঃ নৱজিৎ বৰাৰ দেহত।
লগতে ফাৰ্মাচীষ্ট বিশ্বজিৎ কুলী, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী অশোক টাৱ আৰু ললিত সোণোৱালৰো কভিড পজিটিভ ধৰা পৰিছে।
আটাইকেইজন কভিড হাস্পতালত সেৱা আগবঢ়োৱাৰ পিচত লখিমপুৰ নগৰৰ এখন হোটেলত কোৱাৰাণ্টাইনত হৈ আছিল।
লখিমপুৰত বৰ্তমানে তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে অন্য চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকল।
ইয়াৰ পূৰ্বেও পানীগাওঁ অপিডি কলেজ কোৱাৰাণ্টাইন কেন্দ্ৰৰ তত্বাৱধায়ক ডাঃ হাছিদ জামানৰো কভিড পজিটিভ ধৰা পৰিছিল।
নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিৰন্তৰ সেৱা আহবঢ়াই থকা এইসকল স্বাস্থ্য কৰ্মীয়ে এতিয়া কিছুমান অবিবেচক মানুবৰ বাবে বিপদত পৰিছে।
Photo Credit: @hassinuralom