Home Khabar ৰাষ্ট্ৰীয় কেন্দ্ৰ চৰকাৰলৈ ছোনিয়া গান্ধীৰ প্ৰশ্ন- ১৭ মে’ৰ পিছত কি হ’ব আৰু লকডাউন...

কেন্দ্ৰ চৰকাৰলৈ ছোনিয়া গান্ধীৰ প্ৰশ্ন- ১৭ মে’ৰ পিছত কি হ’ব আৰু লকডাউন কেতিয়ালৈ চলিব?

বৈঠকত তেওঁৰ কথাৰ সমৰ্থন কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ক'লে, 'ছোনিয়া জীয়ে কোৱাৰ দৰে আমি জনাটো প্ৰয়োজন যে লকডাউন-৩ৰ পিছত কি হ'ব?’

0
71

ভাৰতত বিশ্বব্যাপী মহামাৰী কৰ’ণা ভাইৰাছ বিয়পোৱাত বাধা প্ৰদান কৰিবলৈ চৰকাৰে ৩.০ লকডাউন জাৰি কৰিছে। ১৭ মে’ত সমাপ্ত হ’ব এই লকডাউনৰ সময়সীমা। লকডাউন খোলাৰ পিছত পূৰ্বৰ দৰে পৰিস্থিতি হ’ব নে এই সন্দৰ্ভত নেতা আৰু সাধাৰণ ৰাইজৰ মাজত অব্যাহত আছে আলোচনা।

ইফালে বুধবাৰে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লকডাউনৰ সময়সীমা অনুমান কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে এইটো নিৰ্ধাৰণ কৰিবলৈ চৰকাৰৰ মানদণ্ড কি যে লকডাউন কিমান দীঘলীয়া হ’ব। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেবালাই কোৱা অনুসৰি ছোনিয়া গান্ধীয়ে কংগ্ৰেছশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত ক’লে যে ১৭ মে’ৰ পিছত কি? ১৭ মে’ৰ পিছত কেনেকৈ হ’ব? ভাৰত চৰকাৰে এইটো নিৰ্ধাৰণ কৰিবলৈ কোনটো মানদণ্ড ব্যৱহাৰ কৰিছে যে লকডাউন কিমান দীঘলীয়া হ’ব।

বৈঠকত তেওঁৰ কথাৰ সমৰ্থন কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ক’লে, ‘ছোনিয়া জীয়ে কোৱাৰ দৰে আমি জনাটো প্ৰয়োজন যে লকডাউন-৩ৰ পিছত কি হ’ব?’

কৃষকসকলৰ সন্দৰ্ভত ছোনিয়া গান্ধীয়ে ক’লে যে আমি আমাৰ কৃষকসকলক বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলক ধন্যবাদ জ্ঞাপন কৰিছো যে যিসকলে ইমান সমস্যাৰ মাজতো গম উত্পদান কৰি ৰাইজক খাদ্যৰ সমস্যাত পৰিবলৈ দিয়া নাই।

সুৰজেবালাই কোৱা অনুসৰি বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গহলোটে ক’লে, ‘যেতিয়ালৈ Comprehensive incentive package দিয়া নহয় তেতিয়ালৈ ৰাজ্য আৰু দেশ কেনেকৈ চলিব? ১০ হাজাৰ কোটি টকাৰ ৰাজহ লোকচান হৈছে আমাৰ। ৰাজ্যসমূহে প্ৰধানমন্ত্ৰীক পেকেজৰ বাবে আহ্বান জনাইছে কিন্তু সেই ফালৰ পৰা কোনোধৰণৰ উত্তৰ অহা নাই।

Photo credit: thehindu.com