দিল্লী হিংসা সন্দৰ্ভত আজি কংগ্ৰেছৰ এটা প্ৰতিনিধি মণ্ডল উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিবলৈ। এই প্ৰতিনিধি মণ্ডলত অন্তুৰ্ভুক্ত ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী বাড্ৰা, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, আনন্দ শৰ্মা, ৰণদীপ ছুৰেজবালাসহ কেইবাগৰাকীও নেতা। কংগ্ৰেছৰ ফালৰ পৰা ৰাষ্ট্ৰপতি কোবিন্দক স্মাৰক পত্ৰ প্ৰদান।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰাৰ পিছত ছোনিয়া গান্ধীয়ে ক’লে গৃহ মন্ত্ৰী আৰু আৰক্ষী বিফল হৈছে হিংসা ৰোধ কৰাত। দিল্লী আৰু কেন্দ্ৰ চৰকাৰে এই হিংসাক উপেক্ষা কৰিছে। হিংসাৰ বাবে বৰ্তমানলৈ ৩৪জন লোক নিহত হৈছে, ২০০জনতকৈ অধিক লোক আহত হৈছে। কোটি টকাৰ ক্ষতিসাধন হৈছে। এই স্মাৰক পত্ৰখনত হিংসাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰাৰ লগতে ভুক্তভোগীসকলক ক্ষতিপূৰণ দিয়াৰো দাবী জনোৱা হৈছে।
ইয়াৰ লগতে ছোনিয়া গান্ধীয়ে ক’লে যে ঘটনাসমূহক লৈ কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰ চৰকাৰ আৰু দিল্লী চৰকাৰে চকু মুদা কুলিৰ ভাও জুৰিছে। গৃহ মন্ত্ৰী অমিত শ্বাহেও কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ বাবে ৩৪জন লোকে প্ৰাণ হেৰুৱাইছে। ছোনিয়া গান্ধীয়ে পুনৰবাৰ অমিত শ্বাহে পদত্যাগ কৰাৰ দাবী জনাই কয় যে তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত বিফল হৈছে।
ইয়াৰ পূৰ্বে কংগ্ৰেছে দিল্লী হাই কৰ্টৰ ন্যায়াধীশ এছ, মুৰলীধৰক হঠাৎ বদলি কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। প্ৰিয়ংকা গান্ধীয়ে অভিযোগ উত্থাপন কৰি কয় যে মাজ নিশা মুৰলীধৰৰ বদলিক লৈ হতচকিত হৈছিলো। চৰকাৰে ন্যায়ৰ মুখ কৰিব বিচাৰিছে।
The midnight transfer of Justice Muralidhar isn’t shocking given the current dispensation, but it is certianly sad & shameful.
— Priyanka Gandhi Vadra (@priyankagandhi) February 27, 2020
Millions of Indians have faith in a resilient & upright judiciary, the government’s attempts to muzzle justice & break their faith are deplorable. pic.twitter.com/KKt4IeAMyv
প্ৰিয়ংকা গান্ধীৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰিলে টুইট
Remembering the brave Judge Loya, who wasn’t transferred.
— Rahul Gandhi (@RahulGandhi) February 27, 2020
Photo credit: PTI