24 C
Guwahati
Tuesday, May 18, 2021
More

    ২৪ টা ডবাত ১২শ লোক লৈ পৰীক্ষামূলক ৰে’ল যাত্ৰা তেলেংগানাৰ পৰা ঝাৰখণ্ডলৈ

    এই যাত্ৰাৰ সময়ত যাত্ৰা পথত নাথাকিব এটাও ষ্টপেজ

    লকডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত বৰ্তমানে আৱদ্ধ হৈ আছে বহু লোক। এই লোক সকলক নিজ নিজ ৰাজ্যত লৈ যোৱাৰ বাবে বহু ব্যৱস্থাও কৰিছে প্ৰশাসনে। পিছে হাজাৰ হাজাৰ লোকক লৈ এই কৰ’ণা মহামাৰীৰ সময়ত যাত্ৰা কৰাতো সুৰক্ষাৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ ঠিয় দিছে।

    সেয়ে দেশত লকডাউন আৰম্ভ হোৱাৰ দিনৰে পৰা বন্ধ হৈ থকা ৰে’ল যাত্ৰাৰ এক পৰীক্ষামূলক যাত্ৰা আৰম্ভ কৰিছে। তেলেংগানাৰ পৰা ঝাৰখণ্ডলৈ এই প্ৰথমবাৰলৈ পৰীক্ষামূলক ৰে’ল যাত্ৰা। প্ৰথমখন বিশেষ ৰে’ল পৰীক্ষণমূলকভাবে চলিছে ঝাৰখণ্ডলৈ। এই যাত্ৰা পৰীক্ষা কৰিহে পিছত অন্য যাত্ৰাৰ বাবে সিদ্ধান্ত ল’ব প্ৰশাসনে।

    মুঠ ২৪টা ডবা সংলগ্ন এখন ৰে’লে ১২শ লোক লৈ আজি পুৱাই পৰীক্ষণমূলক যাত্ৰা কৰিছে। আৱদ্ধ হৈ থকা শ্ৰমিক সকলক অনাৰ বাবেই ৰে’লৰ পৰীক্ষণমূলক যাত্ৰা প্ৰশাসনৰ। তেলেংগানাৰ লিংগামপাল্লিৰ পৰা ঝাৰখণ্ডলৈ এই প্ৰথমটো পৰীক্ষামূলক যাত্ৰা।

    উল্লেখ্য যে, এই যাত্ৰাৰ সময়ত মাজতে নাথাকিব কোনো এটা ষ্টপেজ। অৰ্থাৎ যাত্ৰা আৰম্ভ কৰি ৰে’লখনে পোনে পোনে যাব ঝাৰখণ্ডলৈ আৰু হাটিৱাত হে ৰখাব ৰে’লখন।

    এই যাত্ৰাৰ ফলত কি কি সমস্যা সৃষ্টি হ’ব অথবা আন আন দিশ বিচাৰিব প্ৰশাসনে। এয়া কেৱল এক পাইলট যাত্ৰাহে, পৰীক্ষাৰ বাবেহে প্ৰথমখন ৰে’লৰ চলাচল। আজি পুৱা ৫বজাত ঝাৰখণ্ডৰ হাটিৱালৈ ৰাওণা হৈছে ৰে’লখন। আনহাতে আজি নিশা আন এখন ৰে’ল কেৰালা কোচিৰ পৰা উৰিষ্যাৰ ভুৱনেশ্বৰলৈ ১২শ শ্ৰমিক লৈ যাত্ৰা কৰিব।

    Photo Credit:NDTV

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING