গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ দৃশ্য। হায়দৰাবাদত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত। ফ্লাইঅভাৰৰ পৰা উফৰি আহি মাজপথত বাগৰি পৰে এখন দ্ৰুতবেগী বাহন। কাল্পনিক যেন লগা এই দৃশ্য আপুনি নেদেখিলে হয়টো বিশ্বাস নকৰিব।
ফ্লাইঅভাৰৰ পৰা বাহন বাগৰি পৰাৰ ফলত এজন পথচাৰী থিতাতে নিহত হোৱাৰ লগতে আন ৬ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। হায়দৰাবাদৰ ৰায়দুৰ্গমত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত বাহন চালকজন আহত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰে গোচৰ।
Horrifying. CCTV captures speeding car crashing down from Hyderabad’s new biodiversity flyover today, killing one pedestrian, injuring 6. pic.twitter.com/ANSYXcvbdC
— Shiv Aroor (@ShivAroor) November 23, 2019
গ্ৰেটাৰ হায়দৰাবাদ মিউনিচিপাল কৰপৰেচনৰ মেয়ৰে দুৰ্ঘটনাটোত নিহত হোৱা মহিলাগৰাকীৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। লগতে দুৰ্ঘটনাটোত আহত লোকসকলকো চিকিত্সা কৰাৰ কথা ঘোষণা কৰে। ফ্লাইঅভাৰখন ৩ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে।
শনিবাৰে দুপৰীয়া প্ৰায় ১ বজাত হায়দৰাবাদৰ নিউ Biodiversity flyoverত সংঘটিত হয় এই পথ দুৰ্ঘটনা। CCTVত বন্দী হৈ ৰৈছে দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য।