28.2 C
Guwahati
Friday, September 10, 2021
More

    কৰ’ণাৰ বিৰুদ্ধে যুঁজ;চৰকাৰৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা হিমা দাসৰ

    প্ৰতিদিনেই দেশত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

    কৰ’ণা ভাইৰাছ ক্ৰমাৎ বিয়পি পৰিছে সমগ্ৰ বিশ্বতে। ইখনৰ পৰা সিখন দেশলৈ শিপাই গৈছে এই মাৰাত্মক ভাইৰাছবিধ।
    কৰ’ণা ভাইৰাছৰ কবলৰ পৰা হাত সৰা নাই ভাৰতো। প্ৰতিদিনেই দেশত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ধিং এক্সপ্ৰেছ খ্যাত স্বৰ্ণকন্যা হিমা দাসে অসম চৰকাৰৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে এমাহৰ দৰমহা।

    এনে এক জটিল সময়ত সকলো সকলোৰে বাবে থিয় দিয়াৰ কথা উল্লেখ কৰি আৰোগ্য নিধি একাউণ্টত নিজৰ এমাহৰ দৰমহা দান কৰাৰ কথা ঘোষণা কৰে হিমা দাসে। ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ তাৰকা হিমাৰ উপৰিও পি ভি সিন্ধু, প্ৰাক্তন ক্ৰিকেটাৰ তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু বজৰং পুনিয়াই কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আৰ্থিক অনুদান আগবঢ়াইছে।

    Photo Credit: Twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING