ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা আজি বৃদ্ধি হৈ হ’ল ২১৭০০জন। ইয়াৰে ৬৮৬জনৰ মৃত্যু আৰু সুস্থ হৈ উঠিছে ৪৩২৫জন লোক। সন্ধিয়া স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিলে এই তথ্য। ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰত অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছৰ ফলত। ৰাজ্যখনত ৫৬৫২জন লোক আক্ৰান্ত হৈছে। ২৬৯জন লোকে হেৰুৱাইছে প্ৰাণ আৰু সুস্থ হৈ উঠিছে ৭৮৯জন লোক।
কোনখন ৰাজ্যত কিমানজন লোক আক্ৰান্ত হৈছে?
অন্ধ্ৰপ্ৰদেশত ৮৯৫জন, আন্দামান নিকোবৰত ১৮, অৰুণাচল প্ৰদেশত এজন, অসমত ৩৫, বিহাৰত ১৪৮জন, চণ্ডীগড়ত ২৭জন, ছত্তীশগড়ত ৩৬জন, দিল্লীত ২২৪৮জন, গোৱাত ৭জন, গুজৰাটত ২৪০৭, হাৰিয়ানাত ২৬২, হিমাচল প্ৰদেশত ৪০, জম্মু-কাশ্মীৰত ৪০৭জন, ঝাৰখণ্ডত ৪৯, কৰ্ণাটকত ৪৪৩, কেৰালাত ৪৩৮, লডাখত ১৮, মধ্য প্ৰদেশত ১৬৯৫, মণিপুৰত ২, মেঘালয়ত ১২, মিজোৰামত এজন, ওড়িশাত ৮৩, পুডুচেৰীত ৭জন, পঞ্জাৱত ২৭৭, ৰাজস্থানত ১৮৯০, তামিলনাডুত ১৬২৯, তেলেংগানাত ৯৬০, ত্ৰিপুৰাত ২, উত্তৰাখণ্ডত ৪৬, উত্তৰ প্ৰদেশত ১৫০৯ আৰু পশ্চিমবংগত ৪৫৬জন লোক কৰ’ণাত আক্ৰান্ত হৈছে।
Photo credit: abplive.com