30 C
Guwahati
Wednesday, June 23, 2021
More

    লকডাউনত ঘৰৰ পৰা বাহিৰলৈ ওলাল সুনীল গ্ৰভাৰ, গাত পৰিল আৰক্ষীৰ লাঠী

    এই ভাইৰেল হোৱা মীমছবোৰৰ মাজতে ষ্টাৰ কমেডিয়ান সুনীল গ্ৰভাৰৰ এটা মীম এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে

    কৰ’ণা ভাইৰাছৰ সংক্ৰমণ সীমিত কৰিবলৈ দেশত দ্বিতীয়বাৰলৈ লকডাউন ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই লকডাউনৰ সময়ত সকলোৱে এতিয়া বাধ্য হৈ পৰিছে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ। প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টভাৱে ক’লে যে ‘এই লকডাউনক একপ্ৰকাৰ কাৰ্ফিউ বুলিয়ে ভাবি লওক।’ আৰক্ষী ইয়াক লৈ যথেষ্ট কঠোৰ হৈ পৰিছে আৰু বাহিৰলৈ ওলাই অহা লোকসকলক লাঠীৰে কোবাই কোবাই ঘৰলৈ পঠাই আছে। ঘৰতে থাকি অন্য অন্য ধৰণে নিজৰ সময় কটাবলৈ সকলো এতিয়া বাধ্য হৈ পৰিছে। এইসমূহৰ মাজতে ছচিয়েল মিডিয়াত লকডাউনৰ সৈতে জড়িত মীমছ্ যথেষ্ট ভাইৰেল হৈ পৰিছে।

    এই ভাইৰেল হোৱা মীমছবোৰৰ মাজতে ষ্টাৰ কমেডিয়ান সুনীল গ্ৰভাৰৰ এটা মীম এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই মীমটো সুনীল গ্ৰভাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছে। মীম শ্বেয়াৰ কৰি সুনীল গ্ৰভাৰে লিখিলে- হাহাহা..ভগবানৰ খাতিৰত নিজৰ ঘৰতে থাকক। মীমটোত সুনীল গ্ৰভাৰে এইটো দেখাবলৈ চেষ্টা কৰিছে যে ঘৰৰ পৰা ওলালে আৰক্ষীয়ে ধৰি লাঠীৰে কোবাই। সুনীলে নিজৰ ছবিৰ দুটা দৃশ্যাংশ মিলাই মীমটো প্ৰস্তুত কৰি তুলিছে।

    View this post on Instagram

    Ha ha Stay at home for God sake.

    A post shared by Sunil Grover (@whosunilgrover) on

    এই মীমটো ডেৰ লাখতকৈ অধিক লোকে লাইক আৰু শ্বেয়াৰ কৰিছে। বলীউডৰ প্ৰতিগৰাকী তাৰকাই নিজৰ অনুৰাগীসকলক আহ্বান জনাইছে যে তেওঁলোক ঘৰতে থাকক আৰু কোনো প্ৰয়োজন নোহোৱাকৈ যাতে ঘৰৰ পৰা ওলাই নাহে। ভাৰত কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। দেশত সংক্ৰমিত লোকৰ সংখ্যাই ৬০০ৰ ঘৰ স্পৰ্শ কৰিছে।

    Photo credit: www.huffingtonpost.in/

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING