ৰাজ্যিক মৰ্য্যদাৰে সম্পণ্ণ কৰা হ’ল বিশিষ্ট শিক্ষাবিদ, অধ্যাপক, ভাষাবিদ, আগম মিগাং টাবুৰাম টাইড দেৱৰ শেষকৃত্য । দেওবাৰে দিনৰ ১২ বজাত এখন বিশেষ হেলিকপ্টাৰেৰে নিজ গৃহ লখিমপুৰৰ ঘুনাসূঁতিলৈ অনা হয় । ঘুনাসূঁতিতে পৰিয়াল তথা আত্মীয় আৰু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই ঘুনাসূঁতিৰ পৰা পুনৰ হেলিকপ্টাৰেৰে লখিমপুৰ-ধেমাজিৰ মধ্যস্থল গোগামুখৰ মহৰীকেম্প ৰাজীৱ গান্ধী খেলপথাৰত অৱতৰণ কৰে।

শিক্ষাবিদ টাবুৰাম টাইডৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে গোগামুখ নগৰৰ মাজেৰে শুভাযাত্ৰা কৰি আবুটানি লৱালৈ অনা হয় আৰু শেষ শ্ৰদ্ধাঞ্জলি জনায়।
ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পাদন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধেমাজি জিলা উপায়ুক্ত মানবেন্দ্ৰ সিঙে ৷ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত।
শেষকৃত্যৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শেষশ্ৰদ্ধা জনায় ধেমাজিৰ বিধায়ক ৰণোজ পেগু, জোনাইৰ বিধায়ক ভূৱন পেগু, মিচিং স্ৱায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া, টি এম পি কে, এম এম কে, টি এম এম কে, বানে কেবাং সংগঠনে।