তামিলনাডুৰ মেট্টুপালায়মত সংঘটিত হৈছে এক কৰুণ ঘটনা। দেৱাল খহি থিতাতে নিহত হৈছে ১৫ জনকৈ লোক।

কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। মূষলধাৰ বৰষুণৰ ফলত দেৱাল খহি পৰাত সংঘটিত হয় এই কৰুণ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।