28 C
Guwahati
Friday, October 16, 2020
More

    তামুলপুৰত শিক্ষক সন্ধানহীন; ১০ দিন উকলি যোৱাৰ পিছতো শুংসূত্ৰ লাভত ব্যৰ্থ আৰক্ষী

    ২৮ বছৰীয়া নিৰ্জু অমায়িক আৰু ভদ্ৰ স্বভাৱৰ এই শিক্ষকগৰাকী নিজ মোমায়েকৰ ঘৰলৈ বুলি ১৭ নৱেম্বৰৰ দিনৰ প্ৰায় ১০ মান বজাত ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তেওঁ লগত মোবাইল ফোনতো নিয়া নাছিল

    তামুলপুৰৰ পৰা সন্ধানহীন এগৰাকী শিক্ষক। তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহকাটা গাঁৱৰ অম্বিকা দাস নামৰ শিক্ষকগৰাকী চলিত বৰ্ষৰ ১৭ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে । বহু বিচাৰ খোঁচাৰ কৰিও সন্ধান লাভ কৰা নাই পৰিয়াল তথা আত্মীয় স্বজনে। উপায়ন্তৰ হৈ যোৱা ২০ নৱেম্বৰ তাৰিখে পৰিয়াল কাষ চাপিছিল তামুলপুৰ আৰক্ষীৰ। বৰ্তমানলৈ আৰক্ষী তথা পৰিয়ালে কোনো সন্ধান লাভ কৰা নাই শিক্ষকগৰাকীৰ। ২৮ বছৰীয়া নিৰ্জু অমায়িক আৰু ভদ্ৰ স্বভাৱৰ এই শিক্ষকগৰাকী নিজ মোমায়েকৰ ঘৰলৈ বুলি ১৭ নৱেম্বৰৰ দিনৰ প্ৰায় ১০ মান বজাত ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তেওঁ লগত মোবাইল ফোনতো নিয়া নাছিল।

    জানিব পৰা মতে শিক্ষকগৰাকীয়ে মোবাইল ফোনৰ ব্যৱহাৰ কমকৈয়ে কৰিছিল। সেয়েহে পৰিয়ালৰ লোকে মোমায়েকৰ ঘৰতে থকা বুলি ভাবি আছিল। কিন্তু নিয়মিত ভাৱে বিদ্যালয়ত উপস্থিত হোৱা শিক্ষকগৰাকী যেতিয়া ১৮ নৱেম্বৰ সোমবাৰ ঘৰলৈ উভতি নাহিল তেতিয়া তেওঁৰ পত্নীয়ে মঙ্গলবাৰে মোমায়েকক ফোন কৰাত যেতিয়া মোমায়েকে জানিব দিলে যে অম্বিকা তেওঁলোকৰ ঘৰলৈ অহায়ে নাই তেতিয়া প্ৰকৃত ঘটনাটো পোহৰলৈ আহে। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত আৰক্ষীক অৱগত কৰায়।

    প্ৰনিধানযোগ্য যে শিক্ষক অম্বিকা দাস যোৱা কিছুদিন ধৰি স্নায়ু ৰোগত ভূগি চিকিৎসাধীন হৈ আছিল। শিক্ষকগৰাকীৰ সন্ধান নোপোৱাত তেওঁৰ পত্নী, ২ বছৰীয়া এটি সন্তান শোকত ভাগি পৰাৰ লগতে আত্মীয় স্বজন তথা বন্ধু মহল চিন্তিত হৈ পৰিছে। ওখকৈ ক্ষীণ বগা বৰণৰ এই শিক্ষকগৰাকীৰ সন্ধান পালে ৭৮৯৬৪০৩৩৭৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam police SI, 2 constables arrested in bribery case

    Another bribery case of Police has come into light as a sub-inspector along with two constables has been arrested in Bongaingaon on Thursday night.

    Assam: 148 Madrassa teachers to be shifted to general schools

    After governments decision of shutting down the Madrassa in the state, as many as 148 Madrassa Contractual Teachers to be shifted to schools under general Secondary Education.

    Assam: Construction work of Maligaon fly over kick starts

    The construction work of the Assam’s longest flyover from Maligaon to Kamakhya has started from October 11.

    Kaziranga National Park welcomes newborn elephant

    Kaziranga National Park (KNP) has added a new member to its team as its departmental elephant Kunwari gave birth to a male calf on Saturday.

    Assam police exam scam: Key accused PK Dutta sent to 6-days CID custody

    Retired senior officer of the Assam Police Prasanta Kumar Dutta was sent to 6-days CID custody by Chief Judicial Magistrate court in Guwahati.

    Assam: Noted singer Kalpana Patowary joins AGP

    Kalpana Patowary who has many popular Bhojpuri songs to her credit joined the regional party at a function held at its headquarters situated at Ambari in Guwahati.

    WWO, All India DOM Parishang stages candle light march in Guwahati

    Seeking justice and fast tracking of all rape case World Women Organisation (WWO) and All India DOM Parishang on Saturday stationed a candlelight march at Dighalipukhuri in Guwahati.