এতিয়াৰ পৰা কেইটামান ঘণ্টাৰ পিছত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ভাৰতৰ চন্দ্ৰযান–২। চন্দ্ৰযান–২ৰ লেণ্ডাৰ ‘বিক্ৰম’ অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত, ইয়াৰ পিছতে ভাৰতীয় বৈজ্ঞানীকসকলৰ আৰম্ভ হ’ব মিছন চন্দ্ৰ। চন্দ্ৰযান–১য়ে যি সফলতা অৰ্জন কৰিব পৰা নাছিল, চন্দ্ৰযান–১য়ে সম্পূৰ্ণ কৰিব নোৱাৰা কাম চন্দ্ৰযান–২য়ে কৰিব। ৬ ছেপ্টেম্বৰৰ মাজ নিশা চন্দ্ৰযান–২য়ে যিসময়ত অৱতৰণ কৰিব সেই সময়ত ইছৰ’ৰ কেন্দ্ৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব প্ৰথমখন মিছন চন্দ্ৰযান–২, লগতে এইখনে প্ৰথম যান যিখনে ছফ্ট লেণ্ডিং কৰিব। যেতিয়া চন্দ্ৰযান–২ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব সেইসময়খিনি হ’ব শ্বাসৰুদ্ধকৰ।
বিক্ৰম লেণ্ডাৰঃ
চন্দ্ৰপৃষ্ঠত ভাৰতৰ প্ৰথমটো সফল অৱতৰণৰ বাবে ডিজাইন কৰা হৈছে বিক্ৰম লেণ্ডাৰক। ইয়াৰ ভিতৰতে আছে ৰোভাৰ।
প্ৰজ্ঞান ৰোভৰঃ .
ৰোভৰ এ আই-সঞ্চালিত ৬ চকীয়া বাহন, ইয়াৰ নাম হ’ল প্ৰজ্ঞান। এই ৰোভাৰটো চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি বৈজ্ঞানীকসকলৰ বাবে তথ্য যুগুতোৱাব আৰম্ভ কৰিব।
Photo Credit: financialexpress.com