কনিষ্ঠ শিল্পীয়ে এগৰাকী টেলিভছন অভিনেত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিনেত্ৰীগৰাকীয়ে ক’লে যে এই কাৰণতে মই এতিয়া অন্তঃসত্ত্বা। ‘কহানী ঘৰ ঘৰ কি’, ‘দেশ ম্যে নিকলা হ্যোগা চান্দ’, আৰু ‘নাচ বলিয়ে’ৰ দৰে টিভি শ্ব’ত কাম কৰা অভিনেতিৰীগৰাকীয়ে ক’লে যে কনিষ্ঠ শিল্পীয়ে তেওঁৰ সৈতে হোটেলৰ কোঠাত কু-কৰ্ম কৰিছিল। ইয়াৰ লগতে তেওঁ এইটো ক’লে যে তেওঁ বৰ্তমান অন্তঃসত্ত্বা।
মিডিয়া এজেঞ্চী আইএএনএছৰ অনুসৰি অভিনেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰা কনিষ্ঠ শিল্পীগৰাকীৰ নাম বিনীত শৰ্মা। অভিযুক্ত শিল্পীজন হাৰিয়ানাৰ যমুনা নগৰৰ বাসিন্দা।
আৰক্ষীয়ে জনোৱা অনুসৰি যুৱকজনৰ ফোন বৰ্তমা ছুইটছ অফ হৈ আছে। ১২ নৱেম্বৰত যুৱকজন আৰু যুৱকৰ মাতৃ-পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অভিনেত্ৰীগৰাকীৰ অভিযোগ অনুসৰি যমুনা নগৰৰ এখন মহিলা আৰক্ষী থানাত গোচৰ ৰুজু হয়। চলিত বছৰৰ অক্টোবৰ মাহত মুম্বাইৰ এইগৰাকী অভিনেত্ৰীৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল কনিষ্ঠ শিল্পীগৰাকীৰ সৈতে।
অভিনেত্ৰীগৰাকীৰ অভিযোগ অনুসৰি কনিষ্ঠ শিল্পীগৰাকীয়ে অভিনেত্ৰীগৰাকীক প্ৰথমে যমুনা নগৰৰ এখন হোটেলত লৈ যায় আৰু তাত অভিনেত্ৰীগৰাকীক নিচাযুক্ত দ্ৰব্য খুৱাই এই দুষ্কাৰ্য সংঘটিত কৰে। পিছত অভিনেত্ৰীগৰাকী অন্তঃসত্ত্বা হোৱাত বিয়াৰ প্ৰস্তাৱ দিলে কিন্তু শিল্পীগৰাকীয়ে নাকচ কৰিলে। অভিনেত্ৰীগৰাকীৰ অভিযোগ যি ঘটনা সংঘটিত হ’ল এই সন্দৰ্ভত সকলো অৱগত যুৱকৰ পৰিয়ালৰ লোক কিন্তু তেওঁলোকেও কোনোধৰণৰ সহায়ৰ হাত আগনবঢ়ালে।