পুনৰ অসমবাসীৰ ওপৰত মাধমাৰ দিব ওলাইছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে এইবাৰ বৃদ্ধি কৰিলে ২৫ শতাংশ বাছৰ ভাড়া। বৃদ্ধি হ’ল বাছ আৰু অট’ৰ ভাড়া। চিটি বাছত উঠিলেই দিব লাগিব ৮ টকাকৈ ভাড়া। মহানগৰীত চলাচল কৰা চিটী বাছত ৫ কিলোমিটাৰলৈ ৮ টকা, ৫ কিলোমিটাৰৰ পৰা ৯ কিলোমিটাৰলৈ ১০.৯৪ টকা, ৯ৰ পৰা ১৩ কিলোমিটাৰলৈ ১৪.৮৫ টকা, ১৩ৰ পৰা ১৭ কিলোমিটাৰলৈ ১৮.৭৫ টকা, ১৭ৰ পৰা ২১ কিলোমিটাৰলৈ ২২.৬৬ টকা আৰু ২১ৰ পৰা ২৫ কিলোমিটাৰলৈ ভাড়া বৃদ্ধি কৰা হ’ব ২৬.৫৬ টকা। ইয়াৰ উপৰিও ল’ ফ্ল’ৰ চিটীবাছৰ বাছৰ নূন্যতম ভাড়া ১১ টকা।
২০ নৱেম্বৰত ৰাজ্যৰ পৰিবহন বিভাগৰ এক অধিসূচনা অনুসৰি ৰাজ্যখনত এখন স্থানৰ পৰা আন এখন স্থানলৈ চলাচল কৰা বাছত প্ৰতি কিলোমিটাৰত যাত্ৰীয়ে ০.৯৯ টকালৈ, দূৰণিবটীয়া বাছ আৰু সীমিত ষ্টপেজৰ এক্সপ্ৰেছ বাছত ১.০৮ টকা, ডিলাক্স ছুপাৰ এক্সপ্ৰেছ, অল আছাম টুৰিষ্ট ওমনি বাছ, অল ইণ্ডিয়া টুৰিষ্ট ওমনি বাছ(নৈশ)ত প্ৰতি কিলোমিটাৰত প্ৰতিগৰাকী যাত্ৰীৰ বিপৰীতে ১.৩৩ টকালৈ, শীততাপ নিয়ন্ত্ৰিত বাছত ১.৫৪ টকালৈ, পাহাৰীয়া অঞ্চলত চলাচল কৰা বাছত ১.৬৫ টকালৈ, মিনি বাছত ০.৯৪ টকালৈ, সৰু নগৰ এলেকাত চলা বাছৰ ভাড়া বৃদ্ধি ০.৯৪ টকালৈ।
ইফালে ট্ৰেকাৰত প্ৰথম ৪ কিলোমিটাৰত ৯.৩৮ টকা আৰু ইয়াৰ পৰৱৰ্তী কিলোমিটাৰত বৃদ্ধি পাব ১.৫৬ টকালৈ। আনহাতে অটোৰ প্ৰথম ১ কিলোমিটাৰত ২৫ টকালৈ আৰু ইয়াৰ পৰৱৰ্তী ২০০ মিটাৰত ২.৩৮ টকালৈ বৃদ্ধি কৰা হ’ব। যদি যাত্ৰীয়ে কোনো স্থানত ৰখাই তেন্তে প্ৰতি ১০ মিনিটত ৪.৫০ টকালৈ অতিৰিক্ত ভাড়া ল’ব লাগিব। ভাড়া বৃদ্ধিৰ বাবে অক্টোবৰত ৰাজ্যিক কেবিনেটে জনাইছিল অনুমোদন।