27 C
Guwahati
Sunday, August 1, 2021
More

    ভাৰতৰ নতুন মানচিত্ৰৰ বিৰুদ্ধে পাকিস্তানৰ পিছত এইবাৰ নেপাল

    কালাপানী নেপালৰ অবিচ্ছেদ্য অংশ বুলি নেপাল চৰকাৰ এই সন্দৰ্ভত সম্পূৰ্ণভাৱে স্পষ্ট, বুধবাৰে নেপালৰ বিদেশ মন্ত্ৰালয়ে জনালে এই কথা

    ভাৰত চৰকাৰে জাৰি কৰা দেশৰ নতুন ৰাজনৈতিক মানচিত্ৰক লৈ নেপালে বুধবাৰে বিৰোধিতা প্ৰদৰ্শন কৰিছে। ভাৰতৰ নতুন মানচিত্ৰত কালাপানীক ভাৰতীয় অঞ্চলত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত আপত্তি দৰ্শাইছে নেপালে। উল্লেখ্য যে নতুন দিল্লী আৰু কাঠমাণ্ডুৰ মাজত চলি থকা সীমা বিবাদক লৈ আলোচনা অব্যাহত।

    কালাপানী নেপালৰ অবিচ্ছেদ্য অংশ বুলি নেপাল চৰকাৰ এই সন্দৰ্ভত সম্পূৰ্ণভাৱে স্পষ্ট, বুধবাৰে নেপালৰ বিদেশ মন্ত্ৰালয়ে জনালে এই কথা। আমি নেপালৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সুৰক্ষা সন্দৰ্ভত সম্পূৰ্ণভাৱে প্রতিশ্রুতিবদ্ধ আৰু ইয়াৰ বাবে আমি মিত্ৰ দেশসমূহৰ সৈতে কূটনৈতিক আলোচনাৰ পথ নিৰ্বাচন কৰিম।

    নেপাল আৰু ভাৰতৰ বিদেশ মন্ত্ৰীৰ সাধাৰণ কমিটীয়ে দুয়োখন দেশৰ বিদেশ সচিবক অমীমাংসিত সীমা বিবাদৰ সমাধান ওলোৱাৰ দায়িত্ব প্ৰদান কৰা হৈছে বুলি সংবাদমেলত জনাই নেপালৰ বিদেশ মন্ত্ৰালয়ে।

    aajtak.in

    দুয়োখন দেশৰ মাজত সীমা বিবাদ দ্বিপাক্ষিক আলোচনা আৰু চুক্তিৰে সমাধান হ’ব লাগিব আৰু কোনোধৰণৰ একপক্ষীয় আলোচনা নেপাল চৰকাৰে স্বীকাৰ নকৰে বুলিও মন্তব্য কৰে নেপালে।

    উল্লেখ্য যে, শনিবাৰে দুখন নতুন কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ গঠনৰ পিছত ভাৰতে জাৰি কৰিছে এখন নতুন মানচিত্ৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING