শোকাৱহঃ জন্মদিনৰ দিনাই কৰুণ মৃত্যুক সাৱটিলে ভাৰতীয় পাইলটগৰাকীয়ে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
দুৰ্ঘটনাগ্ৰস্ত চেতহ হেলিকপ্টাৰখন অৰুণাচল প্ৰদেশৰ খীৰমুৰ পৰা য়ংগফুলা অভিমুখী আছিল
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

শুকুৰবাৰে পূূব ভূটানত ভাৰতীয় সেনা প্ৰশিক্ষণ দল (IMTRAT)ৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাটোত দুগৰাকী পাইলট শ্বহীদ। এগৰাকী ভাৰতীয় সেনাৰ আৰু আনগৰাকী ভূটান সেনাৰ পাইলট।

শ্বহীদ ভাৰতীয় সেনাগৰাকী লেফটেনেণ্ট কৰ্ণেল ৰজনীশ পাৰমাৰ বুলি পৰিচয় উদ্ধাৰ হৈছে। শুকুৰবাৰ অৰ্থাৎ আজি শ্বহীদ সেনাগৰাকীৰ জন্মদিন আছিল। আনগৰাকী শ্বহীদ পাইলট ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লৈ থকা ভূটানৰ পাইলট কেপ্টেইন কালজংগ ৱাংডি।

তথ্য অনুসৰি দিনৰ ১ বজাত ভূটানৰ য়ংগফুলা বিমানবন্দৰৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত চেতহ হেলিকপ্টাৰখন অৰুণাচল প্ৰদেশৰ খীৰমুৰ পৰা য়ংগফুলা অভিমুখী আছিল।

Related Post