এতিয়া বিশ্বত মাথো কৰ’ণাৰ সংহাৰ। প্ৰতিদিনে বাঢ়িছে কৰ’ণাত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। এতিয়ালৈকে ওলোৱা নাই এই মহামাৰীৰ প্ৰতিষেধক অথবা ঔষধ। কৰ’ণাক প্ৰতিৰোধ কৰিবলৈ বিশ্বজুৰি চলিছে লক ডাউন। কৰ’ণাৰ বাবেই চলিত বছৰৰ পুলিৎজাৰ বঁটা ঘোষণাত হ’ব বিলম্ব। পুলিৎজাৰ বঁটা প্ৰদান কমিটীৰ মুৰব্বী ডানা কানেডীয়ে সংবাদ মাধ্যমক জনাইছে এই তথ্য।
উল্লেখ্য যে পুলিৎজাৰ বঁটা কমিটীত সদস্য হিচাপে আছে কেইবাগৰাকীও বিশিষ্ট সাংবাদিক। কমিটীত থকা সাংবাদিকসকল বৰ্তমান কৰ’ণা ভাইৰাছৰ ওপৰত সংবাদ পৰিৱেশনত ব্যস্ত হৈ আছে। সাংবাদিকসকলে কৰ’ণা ভাইৰাছক লৈ নিয়োজিত থকা ব্যস্ততাৰ বাবে ২০ এপ্ৰিলৰ পৰিৱৰ্তে ৪ মে’ত সাংবাদিকতা আৰু কলাৰ বাবে পুলিৎজাৰ বঁটা ঘোষণা কৰা হ’ব।
Photo Credit: poynter.org