বিহাৰত বানৰ বিভীষিকা! কৃত্ৰিম বানত সাধাৰণ জনতাৰ দুৰৱস্থাৰ জীয়া ছবি দেখুৱাই এটা ভিডিঅ’ টুইটাৰত শ্ৱেয়াৰ কৰিছে ৰাষ্ট্ৰীয় জনতা দলে(RJD)। এসাজ আহাৰৰ বাবে প্ৰতিদিনে দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া দৰিদ্ৰলোকসকলৰ এতিয়া গাৰ পৰা ঘাম নহয়, চকুৰ পৰা পানী ওলাইছে।
কৃত্ৰিম বানৰ ফলত পথত গাড়ী চলোৱাটো দূৰৰ কথা খোজকাঢি যোৱাটো অসম্ভৱ হৈ উঠিছে। শনিবাৰে পাটনাৰ ৰাজপথত এগৰাকী ৰিক্সা চালক কৃত্ৰিম বানত আৱদ্ধ হৈ পৰাৰ লগতে তেওঁৰ জীৱিকা নিৰ্বাহ কৰাৰ একমাত্ৰ আহিলা ৰিক্সাখনো আধালৈ বুৰ যায় পানীত। লোকজনৰ ডিঙিলৈকে পানী কিন্তু এৰি দিয়া নাই পানীত আধা বুৰ যোৱা ৰিক্সাখন। ৰিক্সাখন উলিয়াব চেষ্টা কৰাত বিফল হোৱাত তেওঁৰ দুচকুৰে ববলৈ ধৰে চকুপানী। এই সম্পূৰ্ণ ঘটনা কেমেৰাত বন্দী কৰে এহাল দম্পতীয়ে।
চাওক ভিডিঅ’:
ভিডিঅ’ কৰি থকা দম্পতীয়ে ৰিক্সা চালকজনক ৰিক্সাখন এৰিব ক’লে কিন্তু ৰিক্সা চালকজন লৰচৰ নহ’ল সেই স্থানৰ পৰা। ৰিক্সাখন পানীৰ পৰা উলিয়াই অনাৰ আপ্ৰাণ চেষ্টা চলাই থাকিল। কিন্তু বিফল হোৱাত ৰিক্সাচালকজনে হিয়া ঢাকুৰি কান্দিব ধৰিলে।