Skip to content

বৃহস্পতিবাৰে কেববিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিব KMSS-এ, প্ৰতিবাদত অংশগ্ৰহণৰ আহ্বান সকলোকে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
দিনৰ ১১ বজাত বিধানসভাৰ সমুখত ধৰ্ণা কাৰ্যসুচী লগতে বিৰোধী পক্ষকো ইয়াৰ বিৰুদ্ধে বিধানসভাত দাবি উত্থাপন কৰিব কয় অখিল গগৈয়ে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo Time8
Photo Time8

CAB অনুমোদনৰ পিছতে অখিল গগৈৰ সংবাদমেল। গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা অখিল গগৈৰ সংবাদমেল। কোনো কাৰণতে মানি লোৱা নহ’ব কেব। সমগ্ৰ অসমতেই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষক নেতাগৰাকীৰ। অসমৰ সমূহ দল-সংগঠনকো একগোট হৈ আন্দোলন কৰাৰ আহ্বান। কেন্দ্ৰৰ সৈতে মিলি সৰ্বা চৰকাৰে অসমীয়া জাতীৰ অস্তিত্ব হত্যা কৰা বুলিও সংবাদমেল যোগে কয় অখিল গগৈয়ে।

গণতন্ত্ৰক হত্যা কৰি চৰকাৰে এতিয়া ৰাজ্যত মৌলবাদী শাসন চলাব বুলিও কয় কৃষক নেতাগৰাকীয়ে। জাতীধ্বংসী এই বিধায়ক খন বাতিল কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও জনায় সংবাদমেলযোগে। কাইলৈৰ পৰা তীব্ৰতৰ হৈ পৰিব কেব বিৰোধী আন্দোলন, দিছপুৰ লাষ্টগেটৰ পৰাই আৰম্ভ হ’ব এই আন্দোলনৰ। অহিংস আন্দোলন কৰাৰ বাবে আৰক্ষী কমিছনাৰৰ পৰা অনুমতিলাভ সেয়ে সকলো কেব বিৰোধীসকলো লোককে এক গোট হৈ এই আন্দোলনত ভাগ লোৱাৰ বাবে আহ্বান। কাইলৈ আন্দোলনৰ বাবে আছুৰ কাৰ্যালয়লৈও নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে।

দিনৰ ১১ বজাত বিধানসভাৰ সমুখত ধৰ্ণা কাৰ্যসুচী লগতে বিৰোধী পক্ষকো ইয়াৰ বিৰুদ্ধে বিধানসভাত দাবী উত্থাপন কৰিব কয় অখিল গগৈয়ে। শ্বহীদ দিৱসৰ অসমীয়াৰ স্বভিমানৰ দিনটোত জাতিটোক নিশেষ কৰাৰ চেষ্টা। কেব সম্পূৰ্ণৰূপে বাতিল নহোৱা পৰ্য্যন্ত সন্মিলীত, ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাই যোৱাৰ ঘোষনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp