এটি অতি জনপ্ৰিয় এপ টিকটক। চীন দেশৰ এই এপটো অকল সেইখন দেশতেই নহয়, ভাৰততো অধিক জনপ্ৰিয়। ইয়াৰ সমান্তৰালকৈ অন্য দেশ সমুহতো জনপ্ৰিয় এই এপটো। ইয়াত ভিডিঅ’ বনাই আপলোড কৰিব পাৰি। বৰ্তমানে ভাৰতত এই এপটো জনপ্ৰিয়তাৰ শিখৰত । শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলো ব্যস্ত ইয়াত ভিডিঅ’ বনোৱাত। পিছে নগন্য সংখ্যক লোকেহে কিছু জনপ্ৰিয় হ’বলৈ সক্ষম হয়।
ভাৰতত কোনো লোক জনপ্ৰিয় হওঁক বা নহওঁক, কিন্তু এগৰাকী যুৱতী ইমানেই জমপ্ৰিয় হৈছে যে এতিয়া তেওঁৰ লগত ৰাখে বডিগাৰ্ড। ১.৬ কোটি অনুৰাগী থকা ২৩ বৰ্ষীয় যুৱতী গৰাকীৰ নাম হ’লী হৰ্ণ। ব্ৰিটেইনৰ নিবাসী হ’লী এতিয়া টিকটকৰ জৰিয়তে চুপাৰষ্টাৰ।

মাত্ৰ ১৫ চেকেণ্ডৰ ভিডিঅ’ বনাই লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে কোটি কোটি অনুৰাগীক দিবানা বনাই হ’লী হৰ্ণে। সফলতাৰ শিখৰত উঠা এই জনপ্ৰিয়তাৰ বাবেই এতিয়া যুৱতী গৰাকীৰ লগত থাকে বডিগাৰ্ড।