কেৰেলাত পুনৰ ৬জনৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। ইয়াৰ লগে লগে মঙলবাৰলৈকে সমগ্ৰ দেশতে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃ্দ্ধি পালে ৫৬লৈ। কেৰেলাত মুঠ ১২ জনৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰিছে।
ইয়াকৈ লৈ কেৰেলাকে ধৰি সমগ্ৰ দেশতে আতংকই বিৰাজ কৰিছে। বিশ্বত এতিয়ালৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ৪ হাজাৰৰো অধিক লোকে। প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত সংক্ৰমিত ৰোগীৰ সংখ্যা। চীন, দক্ষিণ কোৰিয়া, ইটালী আৰু ইৰাণত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ।
Photo: Time8