28 C
Guwahati
Tuesday, July 27, 2021
More

    PPE কীট উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত ভাৰত

    মাত্ৰ ২ মাহৰ ভিতৰত দৈনিক ১ লাখ ৭০ হাজাৰ PPE কীট উৎপাদন স্বাভাৱিকতে ডাঙৰ সফলতা

    ভাৰতত কৰ’ণাৰ ভয়াৱহতাৰ মাজতে এটা ভাল খবৰ। বিশ্বৰ ভিতৰত PPE কীট উৎপাদনকাৰী দেশ হিচাপে দ্বিতীয় স্থানত আছে ভাৰত। দেশত কৰ’ণাৰ ভয়াৱহতা আৰম্ভ হোৱাৰ পিছতে PPE কীটৰ বাবে দেশত লাগিছিল হাহাকাৰ। অসমেও চীনৰ পৰা বিশেষভাৱে ক্ৰয় কৰিছিল PPE কীট। কিন্তু শেহতীয়া বিশ্বৰ বহু নামি দামী আগশাৰীৰ ৰাষ্ট্ৰক পিছ পেলাই ভাৰতে PPE কীট উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

    মাত্ৰ ২ মাহৰ ভিতৰত দৈনিক ১ লাখ ৭০ হাজাৰ PPE কীট উৎপাদন স্বাভাৱিকতে ডাঙৰ সফলতা। দেশত কৰ’ণাৰ ভয়াৱহতা আৰম্ভ হোৱাৰ পিছতে PPE কীটক লৈ যথেষ্ট চিন্তিত হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰ। কিন্তু এতিয়া দেশত Ministry of Textilesৰ এক তথ্যত প্ৰকাশ পাইছে এই কথা।

    দৈনিক দেশৰ বিভিন্ন প্ৰান্তৰ উদ্যোগত PPE কীট উৎপাদন হৈছে ১ লাখ ৭০ হাজাৰ। কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত PPE কীট উৎপাদনৰ হাৰ ২ লাখলৈ বৃদ্ধিৰ লক্ষ্য। PPE কীটৰ মানদণ্ডৰ ক্ষেত্ৰত আপোচ কৰা নাই ভাৰতৰ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে।

    PPE কীটৰ ক্ষেত্ৰত পূৰ্বে ভাৰত চীন আৰু ইউৰোপীয়ান দেশৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও শেহতীয়াকৈ PPE কীটৰ ক্ষেত্ৰত ভাৰতৰ এনে উত্থানে আশাৰ সঞ্চাৰ কঢ়িয়াইছে মহামাৰী ৰোধৰ ক্ষেত্ৰত। কাৰণ দেশত কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ আৰম্ভণিতে PPE কীটৰ অভাৱত চিকিৎসক স্বাস্থ্য কৰ্মীৰ দেহলৈ সংক্ৰমণ হৈছিল কৰ’ণা। এনেকৈ আগন্তুক দিনত কৰ’ণাৰ ভয়াৱহতা অব্যাহত থাকিলে জুন মাহত ২ কোটি PPE কিটৰ প্ৰয়োজন হ’ব ভাৰতত।

    Photo credit: Twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING