28 C
Guwahati
Tuesday, July 27, 2021
More

    বৰপেটাৰ হাউলীত পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

    মৃত যুৱকজনৰ নাম মীৰ হুছেইন ৷ হাউলীৰ দত্তকুছি কদমগুৰিত ঘৰ মৃত যুৱকজনৰ

    বৰপেটাৰ হাউলীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত বাইক আৰোহী থিতাতে নিহত। মৃত যুৱকজনৰ নাম মীৰ হুছেইন ৷ হাউলীৰ দত্তকুছি কদমগুৰিত ঘৰ মৃত যুৱকজনৰ।

    মাছ ব্যৱসায়ী যুৱকজনে হাউলী বজাৰৰ পৰা বাইকেৰে গৈ ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ লওঁতেই মহতিয়াই নিয়ে এখন ট্ৰাকে৷

    মৃত যুৱকজনে বাইকখনেৰে অশোকা হোটেলৰ সমীপৰ জটলগা চ’কৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ লওঁতেই পাছফালৰ পৰা খুন্দা মাৰে দ্ৰুতবেগী ট্ৰাকখনে৷ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও হাউলী আৰক্ষীয়ে খেদি খেদি গৈ জব্দ কৰে ট্ৰাকসহ চালকক ৷ গুৱাহাটীৰ পৰা কলিকতা অভিমুখীআছিল ট্ৰাকখন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING