নগৰবেৰাত পথ দুৰ্ঘটনা, নিহত এজন যুৱক

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
চিকিৎসক আৰু কৰ্মচাৰীৰ চৰম গাফিলতিৰ বাবে যুবকজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নগৰবেৰা ইন্দিৰা ভৱনৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। নগৰবেৰা বি পি চি কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ মাজতে সংঘটিত হয় এই দুৰ্ঘটনা। ভোটদানৰ পিছতে বাইক দুৰ্ঘটনাত পতিত হৈ ছাত্ৰ এজনৰ মৃত্যু। মৃত ছাত্ৰজন মহাবিদ্যালয়ৰ পঞ্চম ষান্মাষিকৰ আজিবৰ ৰহমান।

নগৰবেৰা কলেজৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান কাৰ্য সম্পন্ন কৰি নিজ ঘৰলৈ যোবাৰ মুহূৰ্ততে সংঘটিত হয় এই দুৰ্ঘটনা। যুৱকজনক ততালিকে নগৰবেৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ছাত্ৰজনৰ৷

চিকিৎসক আৰু কৰ্মচাৰীৰ চৰম গাফিলতিৰ বাবে যুবকজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। পলমকৈ যুৱকজনক চিকিৎসা কৰাৰ অভিযোগ একাংশৰ।

photo credit: deccanherald.com

Related Post