শিৱসাগৰৰ গৌৰীসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, চাৰিং দুৱৰাপাৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-মাৰুটি জেনৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত জেনখনত থকা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ ডাঃ প্ৰত্যুষ কুজন কৌশিক আৰু যোৰহাটৰ তৰাজান বামুণ গাঁৱৰ ৰঞ্জন বৰঠাকুৰ।
নিশা প্ৰায় ২-৩০ বজাত সংঘটিত ঘটনাৰ পিছতে স্থানীয় গৌৰীসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যুষ আৰু ৰঞ্জনক উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰোৱায় হাস্পতালত। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যোৰহাটৰ মালৌ আলি নিবাসী প্ৰত্যুষ কুজন কৌশিকক মৃত বুলি ঘোষণা কৰে চিকিত্সকে। সম্প্ৰতি চিকিত্সাধীন অৱস্থাত আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰঞ্জন বৰঠাকুৰ।
Photo : Sanjay Pareek