পূজাৰ সময়তে ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হ’ল এক শোকাৱহ ঘটনা, বিদ্যুত্স্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে জী, জোঁৱাই আৰু এজন লোকে। পথাৰত দৰৱ ছটিয়াবলৈ যাওতেই পৰি থকা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু ঘটিল তিনিওগৰাকীৰে।
শক্তি বিভাগৰ চূড়ান্ত হেমাহিৰ ফলতে সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা। ছিগি পৰি থকা তাঁৰডাল মেৰামতি নকৰাৰ সমান্তৰালকৈ বিদ্যুত কৰ্তনো কৰা নাছিল বিয়াগোম বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে, যাৰ ফলত কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল একেটা পৰিয়ালৰ তিনিজনকৈ লোকে। গোলকগঞ্জৰ পেষ্টাৰঘাটত সংঘটিত হৈছে অতি দুখ লগা ঘটনাটো।