লখিমপুৰৰ ৰঙানদীৰ ৰেলৱে দলঙত ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত। ৰে’লৱে দলঙেৰে দুই যুৱকে মটৰ চাইকেল লৈ পাৰ হৈ আছিল। সেই সময়তে আহিল যাত্ৰীবাহী ৰে’ল। কিন্তু কথমপি প্ৰাণৰক্ষা পৰিল যুৱক দুজনৰ। যুৱক দুজনে নিজৰ প্ৰাণৰক্ষাৰ বাবে দলঙৰ মাজতে বাইক এৰি দলঙৰ ৰেলিঙত ধৰি নিজৰ নিজৰ প্ৰাণ ৰক্ষা কৰিলে।
ৰে’লৰ খুন্দাত এৰি অহা বাইক দুখন টুকুৰা টুকুৰ হৈ পৰিল নদীত। এই ভয়ংকৰ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল কেমেৰাত।
Photo: Time8