জাতিৰ অস্তিত্বৰ সংকট দেখি কান্দোনত ভাগি পৰিল প্ৰতিবাদকাৰী, ভাইৰেল এক ভিডিঅ’

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
অধিকাৰ শূণ্য আজি খিলঞ্জীয়া ত্ৰিপুৰী সকল
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

জাতিৰ অস্তিত্বৰ সংকট দেখি কান্দোনত ভাগি পৰিল প্ৰতিবাদকাৰী। এই ঘটনা অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ। ত্ৰিপুৰাৰ এক ভিডিঅই কঁপাইছে অসম। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে অসমৰ ৰাইজৰ বুকু কপাই তোলাৰ সমান্তৰালকৈ ত্ৰিপুৰাৰ আৰ্তনাদেও এতিয়া কপাই তুলিছে এতিয়া ৰাইজৰ বুকু।

এই দৃশ্য ত্ৰিপুৰাৰ ‘কা’ বিৰোধি প্ৰতিবাদৰ। শ্লোগান লগে লগে বুকুভঙা আৰ্তনাদৰ জোৱাৰ ৰাজপথত। প্ৰতিবাদী জনতাৰ চকুত চকুপানী। উল্লেখযোগ্য যে হিন্দু বাংলাদেশী ভয়াবহ প্ৰৱজনৰ ফলত সমগ্ৰ ত্ৰিপুৰাৰ খিলঞ্জীয়া জনসাধাৰণ আজি সংকটক।

বিদেশীৰ আগ্ৰাসনৰ পিছতে এতিয়া জাতি, মাটি, ভাষা, সংস্কৃতি সকলো হেৰাল ত্ৰিপুৰাবাসীয়ে। অধিকাৰ শূন্য আজি খিলঞ্জীয়া ত্ৰিপুৰী সকল। এনে অৱস্থাত ‘কা’ ৰ বিৰুদ্ধে ৰাজপথত নমা ত্ৰিপুৰাৰ লোকৰ বুকু ভঙা কান্দোনৰ লগতে দেখা হ’ল প্ৰচণ্ড ক্ষোভ।

Inputs & Photo: Utpal Kr Kalita

Related Post