21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম লখিমপুৰত যৌন উৎপীড়নৰ চেষ্টা কৰা লম্পটক ৰাইজৰ উত্তম মাধ্যম

    লখিমপুৰত যৌন উৎপীড়নৰ চেষ্টা কৰা লম্পটক ৰাইজৰ উত্তম মাধ্যম

    কিশোৰীগৰাকীৰ মাক পাকঘৰত থকাৰ সুযোগ গ্ৰহণ কৰি যৌন উৎপীড়নৰ চেষ্টা চলাওতে হাতে-লোটে ধৰা পৰে লোকজন

    লখিমপুৰৰ লালুকত এজন লম্পটৰ এগৰাকী কিশোৰীক যৌন উৎপীড়ন চলোৱাৰ ব্যৰ্থ চেষ্টা৷ কুকৰ্ম কৰিবলৈ লওতেই হাতে-লোটে ধৰা পৰা লোকজনক ৰাইজে বেয়াকৈ উত্তম মাধ্যম শোধায়৷

    লম্পট লোকজন লালুকৰ সমীপৰ পদুমণি গাঁৱৰ পুতুল গগৈ বুলি জানিব পৰা গৈছে৷ লোকজনে কনমানি কিশোৰীগৰাকীৰ ঘৰলৈ গৈ কিশোৰীগৰাকীৰ মাক পাকঘৰত থকাৰ সুযোগ গ্ৰহণ কৰি যৌন উৎপীড়নৰ চেষ্টা চলাওতে হাতে-লোটে ধৰা পৰে।

    কিশোৰীগৰাকীৰ মাতৃয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ গোট খাই মাৰধৰ কৰে লম্পটটোক৷ ৰাইজৰ মাধমাৰত লবেজান হৈ পৰে পুতুল গগৈ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পুতুল গগৈক জিম্মাত লয়৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published