28 C
Guwahati
Thursday, June 24, 2021
More

    ক’ৰণাৰ বিৰুদ্ধে যুঁজঃ নিজৰ সমস্ত জমা ধন চৰকাৰলৈ আগবঢ়ালে কোন অভিনেতাই?

    অভিনেতাগৰাকীৰ বান্ধৱী আশা নেগীয়ে এই কথা ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাজহুৱা কৰে

    দেশত এতিয়া মাথো ক’ৰণা ভাইৰাছৰ ত্ৰাস। দিনকদিনে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ। ভাৰতত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ১১২০১ আৰু মৃত্যুমুখত পৰিছে ৪৩৭জন। ক’ৰণাক প্ৰতিৰোধ কৰিবৰ বাবে দেশত দ্বিতীয়বাৰৰ বাবেও জাৰি কৰা হ’ল লক ডাউন।

    ক’ৰণাৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ভিন্ন ক্ষেত্ৰৰ তাৰকাৰ লগতে সাধাৰণ লোক।প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিজৰ সামৰ্থ অনুযায়ী যিয়ে যেনেকৈ পাৰিছে আগবঢ়াইছে ধন।

    টিভি তাৰকা, মডেল তথা এংকৰ কৰণ ৱাহীয়ে ক’ৰণাৰ বিৰুদ্ধে যুঁজাৰ বাবে তেওঁৰ সম্পূৰ্ণ জমা ধন চৰকাৰৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে। কৰণে এই কথা ৰাজহুৱা কৰিব বিচৰা নাছিল যদিও অভিনেতাগৰাকীৰ বান্ধৱী আশা নেগীয়ে এই কথা ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাজহুৱা কৰে। নিজৰ সমস্ত জমা ধন চৰকাৰলৈ আগবঢ়োৱা কৰণ ৱাহীৰ মহানুৱভতাক সকলোৱে প্ৰশংসা কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING