পুৱাৰ ভাগতে ৰাজ্যত দুটাকৈ পৃথক পথ দুৰ্ঘটনাত দুজন লোক নিহত। অতি ভয়ংকৰ ভাৱে সংঘটিত হয় দুৰ্ঘটনা দুটা।
ইয়াৰে এটা নলবাৰীৰ হাজো ৰোডত আৰু আনটো ওদালগুৰিৰ কলাইগাঁওত। কলাইগাঁওত ট্ৰাক কেইবাপাক খাই পথৰ কাষত বাগৰি পৰে।
নলবাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা। নলবাৰী হাজো ৰোডৰ মাজদিয়াত পাতঃভ্ৰমণত অহা দুগৰাকী মহিলাক মহতিয়াই নিয়ে এখন চাৰিচকীয়া বাহনে।
এজনী মহিলা থিতাতে নিহত হয় আনগৰাকী মহিলাক নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহন খন।

নিহত মহিলা গৰাকী মুগকুচিৰ পদুমী হালৈ(৪০)। দুৰ্ঘটনা সংঘটিত কৰি বাহন খনে পলায়ন কৰে।
আনহাতে কলাইগাঁওত বালি কঢ়িওৱা ট্ৰাকৰ সন্ত্ৰাস। পুৱাতে নিহত হ’ল এগৰাকী বয়োজেষ্ঠ ব্যক্তি।
ওদালগুৰি জিলাৰ কলাইগাঁও অন্তৰ্গত বিটিচি সীমান্তৱৰ্তী দলংঘাটত পথ দুঘৰ্টনাটি সংঘটিত হয়।
AS 09AC 6252 নম্বৰৰ ট্ৰাক খনে পুৱাতে টংলা-মহিলাপাৰা পথেৰে বালি কঢ়িয়াই নিয়া অৱস্থাত দলংঘাটত ভয়াৱহ দুঘৰ্টনাট পতিত।
দুঘৰ্টনাত থিতাতে নিহত হয় গহীন ৰাভা(৬০)নামৰ এগৰাকী ব্যক্তি। নিহত ৰাভাৰ ঘৰ আছিল “মাদেলী গাঁৱ”ত।
ঘটনাৰ পিছতে ট্ৰাকৰ চালকৰ পলায়ন। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত।
Input And Photo Credit: @Hirak Deka @Dipak Deka