উত্তৰ পূবৰ দুখন ৰাজ্য ক’ৰণা মুক্ত, অৰুণাচলৰ পিছত কোন ৰাজ্য হ’ল ক’ৰণা মুক্ত

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
লোকজনৰ অন্তিমটো নমুনাৰ ফলাফলো আহিল নিগেটিভ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

অসমৰ দুখনকৈ চুবুৰীয়া ৰাজ্য এতিয়া ক’ৰণা মুক্ত। ৰাজ্য দুখনৰ ক’ৰণা আক্ৰান্ত লোক এতিয়া মহামাৰী ক’ৰণাৰ পৰা পালে ৰক্ষা। অৰুণাচল প্ৰদেশৰ পিছত এইবাৰ ক’ৰণা মুক্ত হ’ল মণিপুৰ। মণিপুৰৰ দ্বিতীয়জন ক’ৰণা ভাইৰাছ ৰোগী হ’ল ক’ৰণা মুক্ত।

লোকজনৰ অন্তিমটো নমুনাৰ ফলাফলো আহিল নিগেটিভ। ইম্ফলৰ RIMS হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন। ইয়াৰ পিছতেই এতিয়া বৰ্তমান মণিপুৰত নাই এজনো কৰ’ণা আক্ৰান্ত লোক। ইয়াৰ পূৰ্বে আনজন আক্ৰান্তৰ তেজৰ নমুনাৰ ফলাফলো আহিছিল নিগেটিভ।

আনহাতে মাৰাত্মক কৰ’ণা ভাইৰাছৰ পৰা মুক্ত হোৱা উত্তৰ পূবৰ প্ৰথমখন ৰাজ্য আছিল অৰুণাচল প্ৰদেশ। একমাত্ৰ আক্ৰান্ত লোকজনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছতে ক’ৰণা মুক্ত হৈ পৰে ৰাজ্যখন।

Photo Credit: Deccan Herald

Related Post