মানৱ সমাজলৈ অতি শীঘ্ৰেই আহিব পাৰে এক সুখবৰ। কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে বৃটেইনে উলিয়াইছে ভেকচিন। আৰু এই ভেকচিন বৃটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ে মানুহৰ দেহত কৰালে ইয়াৰ প্ৰথমটো পৰীক্ষণ। দুগৰাকী স্বেচ্ছাসেৱকৰ দেহত কৰা হ’ল কৰ’ণা ভেকচিনৰ প্ৰথমটো পৰীক্ষণ।
এই ভেকচিনৰ পৰীক্ষণ সফল হ’লেই বিশ্ববাসীলৈ আহিব এক বৃহৎ সফলতা। বৃটেইনৰ দুগৰাকী স্বেচ্ছাসেৱক শৰীৰত দিয়া হৈছে এই ভেকচিন। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ গৱেষণা।
ভেকচিন সফল হ’লেই পৰাভূত কৰিব পৰা যাব মহামাৰী বিশ্বত্ৰাস কৰ’ণাক। প্ৰথম অৱস্থাত এলিছা গ্ৰেণেট’ নামৰ এগৰাকী বিজ্ঞানী স্বেচ্ছাসেৱীৰ ওপৰত এই পৰীক্ষণ। এলিছাৰ ভাষ্য, তেওঁ নিজেও এগৰাকী বিজ্ঞানী গতিকে, যিমান দূৰ সম্ভৱ গৱেষণামূলক পৰীক্ষাত সহায় কৰিব বিচাৰে। লগতে এই ভেকচিনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে।
Photo Credit: BBC