তিনিচুকীয়া জিলাৰ ডুমডুমাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ-বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ দেৱৰ পৰিয়ালৰ সদস্যক আলফা(স্বাঃ)ৰ ফোন। অপহৰণৰ ১১ দিনৰ পিছত আলফা(স্বাঃ)ৰ সদস্যই ফোনযোগে গৌৰাংগ দেৱৰ শেহতীয়া স্থিতিৰ বিষয়ে অৱগত কৰিলে পৰিয়ালৰ সদস্যক।
গৌৰাংগ দেৱক সম্পূৰ্ণ সুস্থ অৱস্থাত ৰখা বুলি আলফাই ফোনত অপহৃত চাহ কৰ্মচাৰীৰ কন্যাক জনালে। চাহ উদ্যোগপতি সুধিৰ কুমাৰ লোহিয়াই অপহৃত গৌৰাংগ দেৱক মুক্তিৰ সন্দৰ্ভত যোগাযোগ নকৰাৰ কথাও স্পষ্ট কৰিলে আলফাই। সুধিৰ কুমাৰ লোহিয়াই আৰক্ষী প্ৰশাসনক সহযোগ নকৰা বুলিও অভিযোগ উত্থাপন হৈছে। অপহৃত গৌৰাংগ দেৱক বিনাচৰ্তে মুকলি কৰি দিয়াৰ আহ্বান জনালে সদৌ অসম বাংগালী যুৱ-ছাত্ৰ ফেডাৰেচনে।
বাগিচাৰ মালিক পক্ষই আলফাৰ যোগাযোগক গুৰুত্ব নিদিয়াৰ অভিযোগ। মালিকৰ সৈতে কথা হ’লেই আলফাই মোকলাই দিব কৰ্মচাৰীজনক৷ এই কথা আলফাই জনালে অপহৃতৰ পৰিয়ালক।
উল্লেখ্য যে ১১ অক্টোবৰত তিনিচুকীয়াৰ ডুমডুমা থানাৰ অন্তৰ্গত তালাপত সংঘটিত হৈছিল এই অপহৰণ কাণ্ড। সন্ধিয়া প্ৰায় ৭ বজাত চাৰিজনীয়া অস্ত্ৰধাৰীৰ এটা দলে অপহৰণ কৰিছিল তালাপস্থিত শংকৰ চাহ বাগিছাত মুখ্য ফিটাৰ হিচাপে কৰ্মৰত গৌৰাংগ সুন্দৰ দেৱ নামৰ লোকজনক।