34 C
Guwahati
Sunday, July 25, 2021
More

    উন্নাওৰ ধৰ্ষণৰ পিছত অগ্নিদগ্ধ ভুক্তভোগীক এয়াৰ এম্বুলেন্সেৰে দিল্লীলৈ প্ৰেৰণ, মৃত্যুৰে যুঁজি আছে যুৱতী

    শৰীৰৰ প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হোৱাত এতিয়া ২৪ ঘন্টা চিকিৎসকৰ দলে তদাৰক কৰাৰ পিছত হে জানিব পৰা যাব ভুক্তভোগী যুৱতীৰ স্বাস্থ্য উন্নতি-অৱনতিৰ কথা

    হায়দৰাবাদৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ ৪ অভিযুক্তৰ এনকাউণ্টাৰত মৃত্যু হোৱাৰ সুখবৰে দেশ বাসীক উৎফুল্লিত কৰাৰ বিপৰীতে উন্নাও কাণ্ডৰ ভুক্তভোগী যুৱতীগৰাকীয়ে যুঁজি আছে মৃত্যুৰে। যুৱতীগৰাকীৰ অৱস্থা সংকটজনক হোৱাত তাইক লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হৈছিল যদিও স্বাস্থ্যৰ আৰু অধিক অৱনতি ঘটাত এয়াৰ এম্বুলেন্সৰ জৰিয়তে যুৱতীগৰাকীক অনা হয় দিল্লীৰ সফদৰ্জং হস্পিতাললৈ।

    বৃহস্পতিবাৰে ৰাতিপুৱাৰ সময়ত ৪ পাষণ্ডই জ্বলাই হত্যা কৰাৰ চেষ্টাৰ পিছত এতিয়া দিল্লীৰ হস্পিতালত আপতকালীন বিভাগত চিকিৎসা চলাই থকা হৈছে যুৱতীগৰাকীৰ। দিল্লী বিমানবন্দৰৰ পৰা সফদৰ্জং হস্পিতাললৈ গ্ৰীণ কৰিডৰ কৰা হয়, যাতে চিকিৎসাত কোনো ধৰণৰ বিলম্বি নঘটে। ইয়াৰ বাবে ব্যৱহাৰ কৰা হয় ১০০ জন ট্ৰেফিক পুলিচ আৰু লগত থাকে ৫০ জন দিল্লী আৰক্ষী বিষয়া।

    হস্পিতালত উপস্থিত হোৱাৰ পিছত ভুক্তভোগী গৰাকীৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। শৰীৰৰ প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হোৱাত এতিয়া ২৪ ঘন্টা চিকিৎসকৰ দলে তদাৰক কৰাৰ পিছত হে জানিব পৰা যাব ভুক্তভোগী যুৱতীৰ স্বাস্থ্য উন্নতি-অৱনতিৰ কথা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING