ভাৰতীয় নাগৰিকক লক্ষ্য কৰি ধাৰাবাহিকভাৱে পাকিস্তানে জম্মু-কাশ্মীৰৰ সীমান্তত চলাই আছে গুলীয়াগুলী। সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ উদ্দেশ্যৰে পাকিস্তানে লক্ষ্য কৰি লৈছে ভাৰতীয় চকীসমূহ। পাকিস্তানে চলিত বছৰত ২০৫০ বাৰতকৈও অধিক যুদ্ধবিৰতি উলংঘা কৰিছে আৰু এই গুলীয়াগুলীত নিহত হৈছে ২১ গৰাকী ভাৰতীয়। ভাৰতেও পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে।
দেওবাৰে বিদেশ মন্ত্ৰালয়ে ক’লে যে এই সন্দৰ্ভত ইতিমধ্যে পাকিস্তানক কোৱা হৈছে যে তেওঁলোকৰ সুৰক্ষা কৰ্মীয়ে যাতে ২০০৩ৰ যুদ্ধবিৰতি উলংঘন নকৰে। পাকিস্তানে LoC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত শান্তি বজাই ৰখাৰ কথা ক’লে ভাৰতে।
শনিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সন্ত্ৰাসবাদ সন্দৰ্ভত কৈছিল যে, অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ ভাৰতৰ এই সিদ্ধান্ত পাকিস্তানে এতিয়াও হজম কৰিব পৰা নাই।
Image credit: thenewsnow.co.in