26 C
Guwahati
Sunday, October 25, 2020
More

    উত্তৰ প্ৰদেশত মুঠ আক্ৰান্ত হৈছে ১৭৭৮জন, ২৪৮জন সুস্থ হৈ উঠিছে; ২৬জনৰ মৃত্যু

    ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক অনাৰ কামো আৰম্ভ কৰা হৈছে। হাৰিয়ানাৰ পৰা ৮২খন বাছেৰে ২২২৪জন লোকক আজি ৰাজ্যখনলৈ উভতাই অনা হৈছে

    উত্তৰ প্ৰদেশৰ প্ৰধান সচিব(স্বাস্থ্য) অমিত মোহন প্ৰসাদে ক’লে যে ৰাজ্যখনত বৰ্তমানলৈ কৰ’ণা ভাইৰাছৰ ফলত ১৭৭৮জন লোক আক্ৰান্ত হৈছে। ইয়াৰে ১৫০৪জন সক্ৰিয়। বৰ্তমানলৈ ২৪৮জন সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিছে। ইফালে কৰ’ণা সক্ৰমণৰ ফলত ৰাজ্যখনত এইপৰ্যন্ত ২৬জন লোকে প্ৰাণ হেৰুৱাইছে।

    তেওঁ ক’লে যে সংক্ৰমণৰ ফলত মৃত্যু হোৱা প্ৰায়ভাগ ৰোগী হয়টো বৃদ্ধ আছিল বা অন্য কোনো ৰোগত ভুগি আছিল। ৰাজ্যখনৰ ৫৭খন জিলাৰ লোক বৰ্তমানলৈ আক্ৰান্ত হৈছে আৰু ইয়াৰে ১০খন জিলাত কোনোধৰণৰ সক্ৰিয় ঘটনা পোহৰলৈ অহা নাই।

    আনহাতে ১৮খন জিলাত আৰম্ভণিৰে পৰা কোনো লোক আক্ৰান্ত হোৱা নাই। তেওঁ ক’লে যে শুকুৰবাৰে উত্তৰ প্ৰদেশত ৪১১৫টা নমুনা পৰীক্ষা কৰা হৈছিল, ইয়াৰে ৩৭১৯টা নমুনা লেবলৈ প্ৰেৰণ কৰা হৈছে।

    ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব অৱনীশ অৱস্থীয়ে ক’লে যে হটস্পটৰ আঁচনি বহুত গুৰুত্বপূৰ্ণ। বৰ্তমান ৯০ৰ পৰা ৯৫ শতাংশ হটস্পটৰ পৰা আহে।

    তেওঁ ক’লে যে তবলিগী জামাতৰ সংস্পৰ্শলৈ অহা লোকসকলৰো চেকিং প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বৰ্তমানলৈ ৰাজ্যত লকডাউন উলংঘা কৰা সন্দৰ্ভত ৫৩৯টা গোচৰ ৰজু কৰা হৈছে আৰু ২৪২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

    ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক অনাৰ কামো আৰম্ভ কৰা হৈছে। হাৰিয়ানাৰ পৰা ৮২খন বাছেৰে ২২২৪জন লোকক আজি ৰাজ্যখনলৈ উভতাই অনা হৈছে।

    Photo credit: m.economictimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    COVID-19 curve in Assam starts to flatten; health minister

    The COVID-19 curve in the state has started flattening with the constant fall in positivity rate of the cases, claimed Himanta Biswa Sarma

    CAA will be implemented soon: BJP chief JP Nadda

    The BJP chief said that due to the Covid-19 pandemic, implementation of CAA got delayed

    Like ‘Ravana’ Congress’s Grand Alliance is a set of Heads only: Sarma

    Congress had asked all the anti-Citizenship Amendment Act (CAA) forces to join the ‘grand alliance’ to outnumber the BJP

    IN VIDEO: Assam surgeon grooves to ‘Ghungroo’ song to cheer up patients

    A video of an ENT surgeon from Assam dancing on popular song ‘Ghungroo’ wearing PPE kit has taken over the internet

    CM moves PM over Assam Mizoram border dispute

    Assam CM Sarbananda Sonowal telephoned his Mizoram counterpart Zoramthanga and talked to him about the incident that took place at the border

    NIA files charge sheet against 12 people, including 9 Bangladeshi nationals in human trafficking case

    Ruhul Amin Dhali and 10 other arrested accused had illegally entered India in 1980s and established a prostitution racket in various parts of India

    Bomb Blast hit a Bengali-medium School at Assam-Mizoram Border; Both States claim it’s in their Area

    Silchar MP Rajdeep Roy said that the school which was reportedly attacked is located in Assam