দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল সংগীতকাৰগৰাকী। মুম্বাইৰ এখন হাস্পতালত শেষ উশাহ লয় জহুৰ খয়ামে। সোমবাৰৰ পৰাই তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।
শ্বাস–প্ৰশ্বাসজনিত ৰোগত ভুগি থকা বাবে বিগত মাহৰ ২৮ জুলাইত মুম্বাইৰ সুজয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ মৃত্যুত বলীউডত শোকৰ ছাঁ। মহম্মদ জহুৰ খয়ামৰ সুৰত এটা বিশেষ আকৰ্ষণ আছিল যাৰ বাবে সংগীত জগতত তেওঁ এটি ধ্ৰুৱতৰা হৈ জিলিকি আছিল।
১৯২৭ চনৰ ১৮ ফেৱ্ৰুৱাৰীত পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল খয়ামে। সংগীত জীবনৰ কথা কওঁ যদি তেওঁৰ সংগীতৰ আৰম্ভণি হৈছিল লুধিয়ানাত। ১৭ বছৰ বয়সতে তেওঁ সংগীত জগতত খোজ পেলাইছিল। ১৯৫৩ চনত ‘ফুটপাথ’ ছবিৰে তেওঁ বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
১৯৬১ চনৰ ‘শ্বোলা অ’ৰ ছৱনম’ত সংগীত প্ৰদান কৰি মহম্মদ জহুৰ খয়ামে লাভ কৰিছিল নিজৰ এটা পৰিচয়। আখৰী খত, কভী-কভী, ত্ৰিশূল, নুৰী, বাজাৰ, উমৰাও জান আৰু যাত্ৰা দৰে ছবিৰ বাবে গীত নিৰ্মাণ কৰিছিল।
কেইবাটাও বঁটা লাভ কৰিছিল বিশিষ্ট সংগীতকাৰগৰাকীয়ে। ২০০৭ চনত সংগীত নাটক অকাদেমী বঁটা আৰু ২০১১ত পদ্ম ভূষণৰ দৰে সন্মান লাভ কৰিছিল তেওঁ। কভী-কভী আৰু উমৰাও জানৰ বাবে তেওঁ লাভ কৰিছিল ফিল্মফেয়াৰ এৱাৰ্ড আৰু নেশ্যনেল এৱাৰ্ড।