দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰবিবাৰে অনুস্থিত হোৱা এক সভাত স্পষ্টকৈ উল্লেখ কৰে যে সমগ্ৰ দেশতেই কাৰ্যকৰি কৰা হ’ব এনআৰচি । ঝাৰখণ্ডৰ বোকাৰো জিলাত অনুস্থিত হোৱা সভাত এইদৰে সকলোকে সম্বোধি কয় মন্ত্ৰী গৰাকীয়ে ।
লগতে কয়, ভাৰতৰ ভূমিত অবৈধ ভাৱে বাস কৰা লোক সকল কোন আৰু কিমানে এনেদৰে অবৈধ ভাৱে বাস কৰি আছে সেইটো জনা প্ৰত্যেক ভাৰতীয়ৰে অধিকাৰ । সেইয়ে এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসমৰ লগতে দেশৰ সকলো প্ৰান্ততে কৰা হ’ব।
আযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভতো কয় মন্ত্ৰী গৰাকীয়ে, তেওঁলোকে কৰা প্ৰতিশ্ৰুতি অনুসৰিয়েই অতি ভৱ্য ভাৱে ৰামৰ জন্ম স্থানতেই বনোৱা হ’ব ৰাম মন্দিৰ ।