এতিয়াৰে পৰা coronavirus পৰিচিত হ’ব COVID-19 নামেৰে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
coronavirus Disease ৰ প্ৰথম আখৰ কেইটা লগলগাই COVID শব্দটো সৃষ্টি কৰা হৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৱে চীনৰ লগতে সমগ্ৰ বিশ্বতে মৃত্যুৰ ভাবুকি কঢ়িওৱা সন্ত্ৰাসসৃষ্টিকাৰী কৰ’ণা ভাইৰাছৰ নতুন নামকৰণ কৰিছে ‘ক’ভিড–১৯’ বুলি৷ কৰ’ণা ভাইৰাছ ‘ক’ভিড–১৯’নামেৰে পৰিচিত হ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সিদ্ধান্ত লয় ১২ ফেব্ৰুৱাৰীত।

উল্লেখ্য যে coronavirus Disease ৰ প্ৰথম আখৰ কেইটা লগলগাই COVID শব্দটো সৃষ্টি কৰা হৈছে আৰু যিহেতু ২০১৯ চনত এই ভাইৰাছবিধৰ চিনাক্তকৰণ হৈছিল সেয়ে COVID-19 বুলি মাৰাত্মক প্ৰাণনাশী ভাইৰাছবিধক নতুন নাম দিয়া হয়।

কৰ’ণা ভাইৰাছৰ সংক্রমণত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১৩৫৫জনলৈ বৃদ্ধি পাইছে৷ আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪৪,৭৪২জনলৈ।

Photo Credit: aljazeera.com

Related Post