Skip to content

বিধ্বংসী বনজুইত ৩জনৰ মৃত্যু, ১৫০টাৰো অধিক ঘৰ ভস্মীভূত

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

অষ্ট্ৰেলিয়াত ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে বনজুই। কেইবাদিনৰ পৰা বিয়পি পৰা কালৰূপী বনজুইয়ে ইতিমধ্যে ধ্বংস কৰিছে কেইবাটাও অঞ্চল। আজি অগ্নিনিৰ্বাপক বাহিনীৰ এক বৃহৎ সংখ্যক লোকে অব্যাহত ৰাখিছে বনজুই নিয়ন্ত্ৰণৰ। এই প্ৰলয়ংকৰী বনজুইৰ ফলত ৩জনৰ কৰুণ মৃত্যু হোৱাৰ লগতে জ্বলি ছাৰখাৰ হৈছে ১৫০টাৰো অধিক বাসগৃহ। অৱশ্যে নিশাৰ ভাগত ঠাণ্ডা আৰু কুঁৱলীৰ বাবে কিছু নিয়ন্ত্ৰণলৈ আহে বনজুই। যাৰ ফলত স্থানীয় লোকৰ লগতে সকাহ পাইছে অগ্নিনিৰ্বাপক বাহিনীৰ দল।

প্ৰাপ্ত তথ্য অনুসৰি নিউ ছাউথ ৱেল্ছ আৰু কুইনছলেণ্ডত প্ৰায় ১০০টাৰো অধিক স্থানত এতিয়াও বিয়পি আছে বনজুই। য’ত নেকি জুইৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই অগ্নিনিৰ্বাপকে। বনজুইয়ে আৱৰি ধৰা অঞ্চলত কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ সন্দেহ। কুইনছলেণ্ডত আজিৰ দিনলৈকে ৫০ৰো অধিক স্থান আগুৰি ধৰিছে বনজুইয়ে আৰু এই বনজুই নিয়ন্ত্ৰণ তথা আবদ্ধ লোকক উদ্ধাৰৰ বাবে ৩৯খন বিমান আৰু ১,২০০ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে অব্যাহত ৰাখিছে চেষ্টা।

Photo Credit : AJplus

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp