হাজোৰ দামপুৰত মহিলা আৰক্ষীসহ আন কেইবাজনো আৰক্ষীক আক্ৰমণ একাংশ লোকৰ। আদালতৰ নিৰ্দেশৰ ভিত্তিত অভিযান চলাবলৈ গৈ ৰাইজৰ আক্ৰমণৰ বলি হ’ল আৰক্ষীৰ এটা দল। চুলিত ধৰি গুৰুলা গুৰুলকৈও প্ৰহাৰ কৰিলে মহিলা আৰক্ষীক। ইমানতে ক্ষান্ত নাথাকি উদণ্ড একাংশই ফালি পেলালে আৰক্ষীৰ খাকী পোছাক। আৰক্ষীক আক্ৰমণত জডি়ত লোকক বিচাৰি আৰক্ষীয়ে অঞ্চলটোৰ প্ৰতিটো ঘৰতে চলাইছে অভিযান।

উল্লেখ্য যে, দামপুৰৰ খাইৰুল হক নামৰ এজন লোকৰ পত্নীৰ সৈতে হৈছিল বিবাহ বিচ্ছেদ। আদালতৰ নিৰ্দেশনা অনুসৰি খাইৰুলৰ ঘৰলৈ পত্নীৰ যৌতুকৰ বস্তু আনিবলৈ যাওতে খাইৰুল আৰু পৰিয়ালৰ লোকে জপিয়াই পৰে আৰক্ষীৰ দলটোৰ ওপৰত। দুগৰাকী মহিলা আৰক্ষীসহ আৰক্ষী জোৱানক খাইৰুলৰ দুই ভগ্নীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে।

আদালতৰ নিৰ্দেশনা নামানি খাইৰুলৰ পৰিয়ালে উভতাই নিদিয়ে যৌতুকৰ সামগ্ৰী আৰু তাৰ পিছতে আৰক্ষী দলটোক আক্ৰমণ। আৰক্ষী দলটোক আক্ৰমণৰ ঘটনাত জড়িত একাংশ চুবুৰীয়া লোকো। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক। অভিযুক্ত পৰিয়ালৰ বহুকেইজন পলাতক।